Breaking

চাঁওতাল জনগোষ্ঠীৰ অলচিকি লিপিৰ স্বীকৃতিঃ জাহেৰ শাগুণ বাইছী – চাঁতালী সাহিত্য সভাই ধন্যবাদ যাচিলে অসম চৰকাৰক…

0 140

২০০৩ চনৰ ২২ ডিচেম্বৰত ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত চাঁওতাল জনগোষ্ঠীৰ চাঁওতালী ভাষাটো অন্তভুৰ্ক্ত হৈছিল ৷ কিন্ত চাঁওতালী ভাষাৰ অলচিকি লিপিৰ দ্বাৰা চাঁওতাল জনগোষ্ঠীৰ ছাত্ৰ- ছাত্ৰী সকলে চাঁওতালী ভাষাৰ মাধ্যমত অধ্যয়ন কৰাৰ ক্ষেত্ৰত বঞ্চিত হৈ আছিল ৷ যোৱা ১৮ মে’ত অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তত চাঁওতালী ভাষাৰ অলচিকি লিপিৰ মাধ্যমত প্ৰাক- প্ৰাথমিক আৰু প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ত অধ্যায়ন কৰা যি এক যুগান্তাকাৰী সিদ্ধান্ত ললে তাৰ বাবে জাহেৰ শাগুণ বাইছীৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দানিয়াল হেম্ব্ৰম আৰু সাধাৰণ সম্পাদক ললিত হেম্ব্ৰমে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ,শিক্ষা মন্ত্ৰী ৰনোজ পেগুক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে উওৰ পূৰ্বাঞ্চলৰ আৰ এছ এছ ’ৰ সহ ক্ষেত্ৰ বশিষ্ট বজুৰ বৰুৱা আৰু সীমান্ত চেতনা মঞ্চৰ উওৰ পূৰ্বাঞ্চলৰ প্ৰমুখ প্ৰদীপ পন্জিকো আন্তৰিক অভিন্দন জ্ঞাপন ৷

গোসাইগাঁৱৰ পৰা আজিজুল হকৰ প্ৰতিবেদন

Leave A Reply