Breaking

বিহালীত সাংবাদিকৰ নামত ধন সংগ্ৰহৰ ক’ল ৰেকৰ্ডিং ভাইৰেল

0 2,237

ৰাজ্যত অব্যাহত আছে  সহজে  ধন ঘটা প্ৰক্ৰিয়া ।ইতিমধ্যে একাংশ দল সংগঠনক কঠোৰ সমালোচনা   কৰিছে নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাই। বৰুৱাই একাংশ দল সংগঠনক কঠোৰ  সমালোচনা কৰা লগতে  বিধায়ক গৰাকীয়ে  কয়  আন্দোলন নামত ধন  ঘটনা প্ৰক্ৰিয়া আৰু  দোকান বন্ধ হোৱাৰ সময়ত। আন্দোলন নকৰিলে একাংশ পাকঘৰ নচলে বুলি মন্তব্য  প্ৰকাশ কৰে বৰুৱাই ।ইফালে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ও কঠোৰ সকীয়নি দিছে একাংশ দল সংগঠনক ।কোনো  দল সংগঠনৰ নেতাই ব্যৱসায়ী, প্ৰতিষ্ঠানৰ ব্যক্তি পৰা আন্দোলনৰ নামত ধন সংগ্ৰহ কৰিব নোৱাৰিব।প্ৰয়োজন হলে চৰকাৰে আৰ্থিক অনুদান দিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।কিন্তু  মুখ্যমন্ত্ৰী ঘোষণা প্ৰতি কিমান গুৰুত্ব দিছে একাংশ দল সংগঠনৰ নেতাই সেইটো  গুৰুত্বপূৰ্ণ বিষয় ।ইফালে শেহতীয়াকৈ বহু কেই জন ছাত্র নেতা ধন সংগ্ৰহৰ অভিযোগত আৰক্ষীয়ে  আটক কৰা পৰিলক্ষিত হৈছে  যদিও সংগঠনৰ নামত একাংশই  অব্যাহত ৰাখিছে ধন ঘটা প্ৰক্ৰিয়া। শেহতীয়াকৈ বিশ্বনাথত  এটা জাতিয়  সংগঠনৰ এজন গুৰুত্বপূৰ্ণ দায়িত্ব থকা নেতাই সাংবাদিক মেনেজ কৰিব লাগে বুলি  ধন সংগ্ৰহত  লিপ্ত থকা এক কথোপকথন বাৰ্তা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । অলপতে এই সন্দৰ্ভত সংবাদ মাধ্যমত কিছু বিষয়টো প্ৰকাশ পাইছিল ।
আনহাতে  দেওবাৰে সম্পূৰ্ণ ঘটনাটো পোহৰলৈ আহে। সাংবাদিক মেনেজ কৰিব লগা বুলি ভাইৰেল হোৱা অডিঅটোত সামাজিক মাধ্যমৰ বিয়পি পৰা পিছতে  তৎপৰ হয় বিহালী একাংশ সাংবাদিক ।সামাজিক মাধ্যমত প্ৰকাশ পোৱা অডিঅটোৰ  তথ্য অনুসৰি  বিশ্বনাথ জিলা অনুসূচীত জাতি যুৱ ছাত্র সন্থাৰ  সভাপতি সিংজিত হাজৰিকা বুলি দাবী কৰে একাংশ লোকে।স্পষ্টকৈ একাংশই সামাজিক মাধ্যমত প্ৰকাশ কৰিছে এই ৰেকৰ্ডিংটো প্ৰকৃতে সংগঠনটোৰ নেতা সিংহজিৎ  হাজৰিকা বুলি ।আনহাতে  অডিঅটো প্ৰকাশ পোৱা  কথোপকথন স্পষ্ট কৈ প্ৰকাশ পাইছে সংগঠনৰ নেতা গৰাকীয়ে এজন যুৱকক কৈছে    সিহঁতৰ চাকৰি যাব, বহুত বহুত দৰমহা পাই সিহঁতে খেলিমেলি হ’ব চাকৰি যাব  ।বহুত সাংবাদিক আহিব এতিয়া নিমিলিলে  পিছত  অসুবিধা হ’ব সিহঁতৰ এই দৰে  সংগঠন নেতা জনে যুৱক জনৰ সৈতে আলোচনা কৰা কথা প্ৰকাশ পাই।নেতা গৰাকীয়ে কয় শুনকালে মিলাব লাগে সিহঁতে সাংবাদিকক  সংগঠনটো নেতা  গৰাকীয়ে  যুৱক জনৰ সৈতে  কথোপকথন স্পষ্ট প্ৰকাশ পাইছে।
সংগনৰ নেতা জনে  কয় যুৱক জনক  ১০ নহ’ব ৩০ লাগিব  সাংবাদিকক  মেনেজ কৰিবলৈ যদিও সাংবাদিকে বাতৰি কৰি দিয়ে,  সিহঁতৰ চাকৰি যাব।ইমান ইমান দৰমহা পাই সিহঁতে।বহুত সমস্যা  হ’ব চাকৰি যাব  পিছত মোক নকবা ।বুলি ভাবুকি দিয়ে যুৱক জনক।  যুৱক জন কয় মই ছাৰ সকলৰ সৈতে কথা পাতি আপোনাক জনাই আছোঁ।আকৌ পুনৰ কয় যুৱক জনে  সাংবাদিক সকলক বুজাই দিব আপুনি । পুনৰ সংগঠনৰ নেতা জনে কয় ১০ নহ’ব সিহঁতে ৩০ কৈ আছে নহলে বাতৰি কৰিব দেই  ।তেতিয়া  পুনৰ  যুৱক জনে কয় আপুনি মিলাব ।ইফালে এই অডিঅটো  ভাইৰেল হৈ পৰা লগে লগে বিহালীত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। কোন সাংবাদিকক  মেনেজ কৰিবলৈ এই দৰে এটা জাতিয় সংগঠনৰ  নেতা  জড়িত হ’ব পালে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে একাংশ সচেতন মহলৰ লগতে সাংবাদিক মহলত ।প্ৰকৃতে কোন  সাংবাদিকৰ  নামত ধনৰ লেনদেন কথা আলোচনা কৰিছে সংগঠনৰ নেতা জনে তাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিশ্বনাথ জিলাৰ সাংবাদিক মাজত ।আনহাতে বিষয়টো লৈ বিহালী সাংবাদিক মহলৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। শীঘ্ৰে এই বিষয়টো সন্দৰ্ভত  দুই এদিনৰ ভিতৰত  উচিত তদন্ত দাবীত আইনৰ কাষ চাপিব বুলি প্ৰকাশ কৰে বিহালী সংবাদ মহলে।এতিয়া প্ৰশ্ন হয় এই জন  নেতাই কোন  সাংবাদিকক মেনেজ কৰিবলৈ  ধন সংগ্ৰহ  পৰিকল্পনা কৰিছে আৰক্ষীক  তদন্ত কৰিবলৈ ও দাবী জনাইছে বিহালী সংবাদ মহলে । প্ৰকৃত ঘটনা  পোহৰলৈ অহাটো বিভিন্ন দল সংগঠনে দাবী কৰিছে।ইফালে অডিঅটো সন্দৰ্ভত বিহালী কেইজনমান সাংবাদিকে নিজেই তদন্ত কৰি বিষয়টো আইনৰ কাষ চাপিব বুলি প্ৰকাশ কৰে। যিহেতু বিহালী সকলো সাংবাদিক বদনাম হৈ পৰিছে অডিঅটো ভাইৰেল হৈ পৰাত।ৰাইজৰ মাজত স্পষ্ট কৰি  বিহালী  সাংবাদিক মহলক দাবী জনাইছে সচেতন মহলে ।ইফালে মুখ্যমন্ত্ৰী ঘোষণা কৰা পিছতো সঘনাই এনে ঘটনা সংঘটিত হোৱাটো এক দুভাগ্যজনক আখ্যা দিছে সচেতন মহলে।আনহাতে বিষয়টো সংগঠনৰ দৃষ্টি গোচৰ কৰিবলৈ আহ্বান জনাইছে বিহালী সচেতন মহলে।