Breaking

কলাক্ষেত্ৰত নিযুক্তি সমাৰোহ, পশুপালন বিভাগত ৩৬৫ জন ক্ষেত্ৰ সহায়ক নিযুক্তি…

0 22

অসমত এক লাখ নিবনুৱাক নিযুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা পদক্ষেপ বাস্তৱত ৰূপায়িত হ’বলৈ গৈ আছে। এই পদক্ষেপৰ অংশ হিচাপে আজি পশুপালন আৰু পশু চিকিৎসা বিভাগত ৩৬৫ জন প্ৰশিক্ষণপ্ৰাপ্ত ক্ষেত্ৰ সহায়কক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। ইয়াৰ লগে লগে আজিৰ তাৰিখত ৰাজ্যখনত মুঠ নিযুক্তিৰ সংখ্যা হ’লগৈ ৯৭,০৫৩ গৰাকী। মহানগৰীৰ পাঞ্জাবাৰীস্থিত কলাক্ষেত্ৰ চৌহদত অৱস্থিত শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা নিযুক্তি সমাৰোহত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই নতুনকৈ নিযুক্তি প্ৰাপ্ত ৩৬৫ জন পশু চিকিৎসা ক্ষেত্ৰ সহায়কক নিযুক্তি পত্ৰ প্ৰদান কৰে।

ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে ক্ষেত্ৰ সহায়ক সকলক নিজ নিজ কৰ্মক্ষেত্ৰত নিষ্ঠা আৰু সততাৰে কৰ্তব্য পালন কৰি যাবলৈ আহ্বান জনোৱাৰ লগতে শিক্ষিত যুৱক-যুৱতী সকলক পশুপালনৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে উৎসাহ যোগোৱাৰ কথা দোহাৰে। যাতে অনাগত দিনত আমাৰ ৰাজ্যখন গাখীৰ, কণী আৰু মাংসৰ ক্ষেত্ৰত স্বাৱলম্বিতাৰ দিশে আগবাঢ়ি যাব পাৰে। অনুষ্ঠানত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শ‌ইকীয়া, বিভাগৰ প্ৰধান সচিব মণীষ ঠাকুৰ, সচিবদ্বয় অভিজিত বৰুৱা আৰু অনিল দেউৰী, সঞ্চালক জাৱীৰ ৰাহুল সুৰেশ, খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ড০ বিবেকানন্দ শ‌ইকীয়া আৰু বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ লগতে নিযুক্তি লাভ কৰা ক্ষেত্ৰ সহায়ক সকলৰ অভিভাৱক সকল উপস্থিত থাকে।

Leave A Reply