গুৱাহাটী ৰেডক্ৰছ শাখাৰ ‌কভিড চিকিৎসাৰ লগত জড়িত সামগ্ৰী National Health Mission ৰ জৰিয়তে বিতৰণ

২৬জুন ২০২১ শুকুৰবাৰে দিনৰ ১১:৩০বজাত এক চমু আনুষ্ঠানিক সভাৰ জৰিয়তে গুৱাহাটী ৰেডক্ৰছ শাখাই আমেৰিকাৰ পৰা সাহায্য হিচাপে পোৱা ‌কভিড চিকিৎসা ৰ লগত জড়িত কিছু সামগ্ৰী National Health Mission ৰ জৰিয়তে বিতৰণ কৰে । সভাত উপস্থিত থাকে ৰেডক্ৰছ নাৰ্চিং ইনষ্টিটিউটৰ মুখ্য সঞ্চালক, গুৱাহাটী ৰেডক্ৰছ শাখাৰ সভাপতি, আৰু বহুতো বিশিষ্ট অতিথি।
এই শাখাই পোৱা সাহায্যৰ কিছু অংশ যোৰহাট শাখালৈ ও প্ৰেৰণ কৰে। এই কথা মুখ্য সম্পাদকে জানিবলৈ দিয়ে। তেওঁ লগতে কয় যে ৰেডক্ৰছ ছছাইটি এটা বেচৰকাৰী ছছাইটি য’ত কোনো ধৰণৰ চৰকাৰী ধন বৰঙণি হিচাপে পোৱা নাযায়। তেনে অৱস্থাত ক’ভিড পৰিস্থিতিত সুদূৰ আমেৰিকাৰ টেক্সাছৰ পৰা পোৱা এনে সাহায্য মূল্যবান।

Related Articles