মই জন্মস্থানকলৈ কোনো দিনে গুৰুত্বই নিদিওঁ৷ কাৰণ জন্মস্থানত কি ভূমিকা থাকে? কৰ্মস্থানহে ডাঙৰ৷ এই মন্তব্য মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ শনিবাৰে বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত বৰপেটা লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ ফণীভূষণ চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ পিচত সংবাদ মাধ্যমৰ আগত বিধায়ক মৃণাল শইকীয়াই নামনি অসমকলৈ কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এইদৰে কয়৷ মন্ত্ৰী দাসক বিজেপি বিধায়ক শইকীয়াই নামনি অসমকলৈ কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত তেওঁ কয় যে মৃণাল শইকীয়াৰ সেয়া ব্যক্তিগত মন্তব্য৷ মই জন্মস্থানকলৈ কোনো দিনে গুৰুত্বই নিদিওঁ৷ কাৰণ জন্মস্থানত কি ভূমিকা থাকে? জগৎ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান হৈছে বৰদোৱা৷ পৰিচিত ক’ত? তেওঁ কৃষ্টি, সংস্কৃতি, সাহিত্য ক’ত ৰচনা কৰিলে? সমগ্ৰ অসমীয়া জাতিটোক যি দি থৈ গ’ল অসমৰ পশ্চিম অঞ্চলৰ পৰাই দি থৈ গ’ল৷ কিন্তু তেওঁৰ জন্মস্থান আছিল বৰদোৱা৷ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান আছিল নাৰায়ণপুৰ৷ কিন্তু তেওঁ যি ঘোষকে আদি কৰি আধ্যাত্মিকতাকে কৰি যিমানখিনি কাম কৰিলে সেয়া পশ্চিম অসমত কৰিলে৷ চাওলুং চ্যুকাফাৰ যি পিতৃ পুৰুষ তেওঁলোকৰ জন্মস্থান অসমত নেকি? চাওলুং চ়্যুকাফাৰ পিতৃ পুৰুষসকলতো অসমত জন্মগ্ৰহণ কৰা নাই? কিন্তু তেওঁ বৃহত্তৰ অসমীয়া জাতিটোক সংগঠিত কৰি পেলাই বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছে৷

ঠিক তেনেকৈ বৰপেটা সত্ৰৰ প্ৰথমগৰাকী সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ জন্ম হৈছিল শিৱসাগৰ জিলাৰ নাজিৰাত৷ কিন্তু তেওঁ হ’ল বৰপেটা সত্ৰৰ প্ৰথম গৰাকী সত্ৰাধিকাৰ৷ আমাৰ জিলা আয়ুক্তসকল প্ৰত্যেকে বেলেগত জন্মগ্ৰহণ কৰা৷ কৰ্ম কৰে ইয়াতে৷ ঠিক বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্মস্থান ক’ত সকলোৱে জানে৷ কিন্তু কৰ্মস্থান অসমত বুলি আমি সকলোৱে জানো৷ তেনেদৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি পূূূূৰ্ব পুৰুষ তেওঁলোকৰ জন্মস্থান ক’ত আৰু কৰ্মস্থান ক’ত? গতিকে কৰ্মস্থানটোহে ডাঙৰ কথা৷ জন্মস্থানত কি কৰিছে কি কৰা নাই সেইটো মই কোনো কাৰণতে গুৰুত্বই নিদিওঁ৷ এই কাৰণে গুৰুত্ব নিদিও যে মই পৃথিৱীৰ সত্তৰ শতাংশ বিজ্ঞানীৰ বায়’দাতা পঢ়িছো যে তেওঁলোকে য’ত জন্মগ্ৰহণ কৰিছে তাত তেওঁলোকৰ কোনো অৰিহণাই নাই বা তাত তেওঁলোক বিখ্যাত হ’ব পৰা নাই৷ বিখ্যাত হৈছে বেলেগ ৰাষ্ট্ৰতহে৷ সেই কাৰণে মানুহৰ কৰ্মটো ডাঙৰ কথা৷ জন্মটো ডাঙৰ কথা নহয়৷ ফকৰুদ্দিন আলী আহমেদৰ জন্ম দিল্লীত হৈছিল৷ কিন্তু তেওঁ কাম কৰিছে ইয়াত৷ বৰপেটাৰ সাংসদ হৈছিল, ৰাষ্ট্ৰপতি হৈছিল৷ বিমলা প্ৰসাদ চলিহাৰ জন্ম ক’ত? কিন্তু তেওঁ মুখ্যমন্ত্ৰী ক’ৰ পৰা হৈছিল ? তেওঁ বদৰপুৰৰ পৰা বিধায়ক হৈ আহিছিল৷ সেইদৰে বহু কেইগৰাকী বিধায়ক নিজৰ ঠাইৰ পৰা বিধায়ক হোৱা নাই৷ মই মোৰ ঠাইৰ পৰা বিজয়ী হৈ মন্ত্ৰী হোৱা নাই৷ বজালী বা পাটাচাৰকুছি সমষ্টিৰ পৰা বিজয়ী হৈ মন্ত্ৰী হৈছোঁ৷ সৰ্বানন্দ সোনোৱালৰ জন্মস্থান বেলেগত, কিন্তু কৰ্মস্থান বেলেগত৷ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ জন্মস্থান চাওঁ তেতিয়াহলে জন্মস্থান বেলেগত আৰু কৰ্মস্থান বেলেগত৷ কৰ্মহে ডাঙাৰ কথা, স্থান ডাঙৰ কথা নহয় বুলিও কয়৷