পত্ৰৰ আঁ‌ত ধৰি…

0 1,239

অংশুমান ভূঞা

যোৱা কেইবাদিনো বিভিন্নজনে বাতৰি কাকতবোৰত পত্ৰযোগে কৰ’না কালত ব্যক্তিগত খণ্ডৰ বিদ্যালয়বোৰক মাচুল ৰেহাই দিয়াৰ আহ্বান জনাইছে।এই আহ্বানৰ যুক্তি নথকা নহয়।কৰ’নাই বহু মানুহৰ জীৱিকালৈ সংকট নমাই আনিছে।চৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰতি আস্থা হেৰুওৱাৰ ফলত আজিকালি বহু অভিভাৱকৰ প্ৰথম পচন্দ ব্যক্তিগত বিদ্যালয়।কিন্তু আমি যদি ব্যক্তিগত শিক্ষানুষ্ঠানবোৰলৈ লক্ষ্য কৰোঁ তেন্তে দেখিবলৈ পাম যে মুষ্টিমেয় কিছু অভিজাত বিদ্যালয়ক বাদ দি গৰিষ্ঠসংখ্যকেই আৰ্থিক দিশত টনকিয়াল নহয়।বিদ্যালয়বোৰৰ অসমৰ শৈক্ষিক দিশলৈ অৰিহণা অপৰিসীম যদিও কোনোধৰণৰ চৰকাৰী সাহায্য নাপায়।শিক্ষাৰ্থীৰ মাহিলি মাচুলৰ দ্বাৰাই শিক্ষক-শিক্ষয়িত্ৰীৰ দৰমহাৰ জোৰা মৰা হয়। নামভৰ্তিৰ মাচুল বহু শিক্ষাৰ্থীক ৰেহায়ো দিয়া হয়।তাতে আকৌ বহু অভিভাৱকৰে সময়ত মাচুল আদায় দিয়াৰ ক্ষেত্ৰত এক অনীহা। ফলত অপৰিসীম কষ্ট কৰিও সময়ত টকাকেইটা হাতেৰে চুব নোৱাৰে। কষ্ট অনুপাতে যে দৰমহা অতি কম সেয়া সকলোৰে জ্ঞাত।সেইখিনি টকাৰে জীৱন মুঠেও নচ’লে বাবে ৰাতি-দিন একাকাৰ কৰি টিউশ্যন কৰে যদিও এতিয়া সেয়াও বন্ধ। গতিকে এই শিক্ষকখিনিৰো এতিয়া একেই দুৰৱস্থা। এনে অৱস্থাত মাচুল ৰেহাই মানেই শিক্ষকসকলে পেটত গামোচা বান্ধিবলগীয়া হ’ব। সংবাদ মাধ্যমবোৰেও সকলো বিদ্যালয়কে সাঙুৰি মাচুল ৰেহাইৰ প্ৰসংগ উত্থাপন কৰি থকাটো সমীচীন হোৱা নাই। ‘কৰ্মই ধৰ্ম’, ‘কৰ্মত লাজ নাই’ বুলি ক’লেও এবাৰ শিক্ষকতাৰ ক্ষেত্ৰখনত নমাৰ পাছত সতকাই অন্য যিকোনো কাম কৰিবলৈ নিজৰ সৈতেই এক যুঁজত অৱতীৰ্ণ হ’বলগীয়া হয়। সেয়ে চৰকাৰলৈ কাতৰ অনুৰোধ যাতে ব্যক্তিগত বিদ্যালয়সমূহলৈ আৰ্থিক অনুদানৰ দিহা কৰি দুৰ্দশাগ্ৰস্ত অভিভাৱকসকলক সকাহ দিয়াৰ লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত কাম কৰা শিক্ষক-শিক্ষয়িত্ৰীচামকো উদ্ধাৰ কৰে। সকলো পক্ষৰে সমস্যাৰ সমাধান হোৱাকৈ এক ইতিবাচক পদক্ষেপ কামনা কৰিলোঁ।