Breaking

আঞ্চলিক বন বিষয়া শশী মহন সিংহক ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ সম্বৰ্ধনা

0 49

১১ ফেব্ৰুৱাৰীৰ পৰা দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে ‘ঘৰে ঘৰে দৈনন্দিন বাৰ্তা’, ‘ঘৰে ঘৰে আছাম ৰাইজিং’, ‘ঘৰে ঘৰে আলোকপ্ৰভঞ্জন’ আৰু ‘মোবাইলে মোবাইলে ডি বি নিউজ’ কাৰ্যসূচী আৰম্ভ কৰা হয়।

কাৰ্যসূচীৰ অংশ হিচাপে গোৱালপাৰা আঞ্চলিক বন বিষয়া শশী মহন সিংহক এই যাত্ৰাৰ অংশীদাৰ কৰি বনাঞ্চল ৰক্ষাৰ্থে তথা জীৱ কুলৰ বাবে নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়োৱাৰ বাবে তথা কৰ্মদক্ষতাৰ বাবে ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জনোৱা হয়।


পোন প্ৰথম বাৰৰ বাবে গোৱালপাৰাত উৎপন্ন হোৱা বহুমূলীয়া বনচোম নামৰ গছজোপা এতিয়া সমগ্ৰ পৃথিৱীতে জনাজাত। পৰৱৰ্তী সময়ত এই গছজোপা গোৱালপাৰাতো বিলুপ্ত হৈ গৈছিল।

আঞ্চলিক বন বিষয়া শশী মহন সিংহৰ প্ৰচেষ্টাত পুনৰ ১ লাখ পুলি গোৱালপাৰাত ৰোপণ কৰা হৈছে। বিষয়া গৰাকীৰ এই প্ৰচেষ্টাক শলাগ জনাই ‘দৈনন্দিন বাৰ্তা গোষ্ঠী’ৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰা হয়।

-নেকিবুৰ জামান, গোৱালপাৰা।

Leave A Reply