Breaking

মিজোৰামত উৰিল আঞ্চলিকতাবাদৰ নিচান, একক সংখ্যাগৰিষ্ঠতাৰে জোৰাম পিপলছ মুভমেণ্ট দল…

0 35

মিজোৰামত উৰিল আঞ্চলিকতাবাদৰ নিচান। দল গঠন কৰাৰ প্ৰায় ছয় বছৰৰ ভিতৰত জোৰাম পিপলছ মুভমেণ্ট (জেডপিএম) দলে মিজোৰামত চৰকাৰ কৰিব। সোমবাৰে ভোট গণনাৰ পিছত এয়া স্পষ্ট হৈ পৰে যে নতুন ৰাজনৈতিক দলটোৱে একক সংখ্যাগৰিষ্ঠতাৰে ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে। আনহাতে, তিনিখন ৰাজ্য হেৰুওৱাৰ পিছত কংগ্ৰেছে মিজোৰামতো বিশেষ একো ভাল ফল দেখুৱাব নোৱাৰিলে। উল্লেখ্য জেডপিএম ২০১৭ চনত কেইবাটাও ৰাজনৈতিক দলক একত্ৰিত কৰি গঠন কৰা হৈছিল। একে বছৰতে লালদুহোমাৰ দলে প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে আৰু আঠখন আসন লাভ কৰে। দলটোৱে ৰাজ্যখনৰ মুখ্য বিৰোধী দল হিচাপে আত্মপ্ৰকাশ কৰিছিল। ছয় বছৰৰ পিছত নিৰ্বাচনৰ ফলাফল অনুসৰি, দলটোৱে চৰকাৰ গঠন কৰিব পৰাৰ জোখাৰে আসন লাভ কৰিবলৈ সক্ষম হৈছে। এমএনএফে ১০ খন আসন লাভ কৰাৰ বিপৰীতে জেডপিএমে ২৭ খন আসনত বিজয় সাৱস্ত্য কৰে। আনহাতে কংগ্ৰেছে এখন আৰু বিজেপিয়ে ২ খন আসনত বিজয়ী হয়।

উল্লেখ্য মিজোৰামত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় আসনৰ সংখ্যা ২১ । দলটোৰ প্ৰধান নেতা লালদুহোমা এগৰাকী প্ৰাক্তন আইপিএছ বিষয়া । মিজোৰামৰ পৰম্পৰা অনুসৰি, প্ৰতি ১০ বছৰত চৰকাৰত দলৰ সলনি হয়। মিজোৰাম ২০০৮ চনৰ পৰা ২০১৮ চনলৈ কংগ্ৰেছৰ হাতত আছিল। কিন্তু জেডপিএম সেই ধাৰাটো ভংগ কৰিলে। মাত্ৰ ছবছৰৰ ভিতৰত দলটোৱে বিজেপিৰ ‘মিত্ৰ’ এমএনএফক সিংহাসনচ্যুত কৰিবলৈ সক্ষম হৈছে। বিজেপিৰ ঘনিষ্ঠ বুলি জনাজাত দলটোৱে এইবেলি প্ৰায় ১৭ খনতকৈ অধিক আসন হেৰুৱাইছে। মিজোৰামৰ বিদায়ী মুখ্যমন্ত্ৰী জোৰামথাংগা ইতিমধ্যে তেওঁৰ সমষ্টিতেই পৰাজিত হৈছে। দেশৰ আন তিনিখন ৰাজ্যৰ দৰে মিজোৰামতো কংগ্ৰেছৰ শোচনীয় অৱস্থা দেখা দিছে। ২০১৮ চনত ক্ষমতা হেৰুওৱা স্বত্বেও হাত শিবিৰে পাঁচখন আসন জিকিছিল। কিন্তু তেওঁলোকে ২০২৩ চনত মাত্ৰ এখন আসনতহে জয়ী হ’ব বুলি আশা কৰা হৈছে । আনহাতে, দুখন আসন বিজেপিলৈ যাব পাৰে। ২০১৮ চনত বিজেপিয়ে মাত্ৰ এখন আসন দখল কৰিছিল। অৱশ্যে, গেৰুৱা দলটোৱে মিজোৰামৰ সকলো সমষ্টিতে প্ৰাৰ্থী দিব নোৱাৰিলে।

Leave A Reply