ডিজিটেল ডেস্কঃ Rehabilitation Center নামৰূপস্থিত মৃত্যুঞ্জয় নিচামুক্তি কেন্দ্ৰত অমানৱীয় অত্যাচাৰৰ ফলত এজন যুৱকৰ মৃত্যু আৰু আন দুজন যুৱক অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থাকিবলৈ বাধ্য হোৱা এক দুঃখজনক ঘটনা পোহৰলৈ আহিছে।
প্ৰাপ্ত তথ্য অনুসৰি, নিতিশ তন্ত্ৰবাই নামৰ এজন যুৱকক পৰিয়ালৰ অজানিতভাৱে ১০ ফেব্ৰুৱাৰীত পথৰ পৰা জোৰপূৰ্বক লৈ যোৱা হয় আৰু আৰক্ষীৰ ভয় দেখুৱাই মৃত্যুঞ্জয় নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। অভিযোগ অনুসৰি, পৰৱৰ্তী সময়ত নিলমনি চেতিয়া নামৰ এজন ব্যক্তিয়ে পৰিয়ালক মাতি তন্ত্ৰবাইক কেন্দ্ৰত ৰাখিবলৈ জোৰ কৰে আৰু ইয়াৰ বাবদ ধনদাবী কৰে।
১ জুলাই তাৰিখে কেন্দ্ৰটোৰ পৰা তন্ত্ৰবাই অসুস্থ হৈ পৰাৰ কথা পৰিয়ালক জনোৱা হয়। পৰিয়ালৰ দাবী অনুসৰি, যথাযথ চিকিৎসা নকৰাকৈ ১৫,০০০ টকা খৰচৰ দাবী কৰা হয়। অৱশেষত যুৱকজনৰ মৃত্যু অসম চিকিৎসা মহাবিদ্যালয়ত হয়। মৃত্যুৰ পাছত পৰিয়ালে আৰক্ষীক অৱগত কৰে যে নিচামুক্তি কেন্দ্ৰখনত যুৱকজনক অকথ্যভাৱে অত্যাচাৰ কৰা হৈছিল।
ইফালে, তিলক সিং নামৰ অন্য এজন যুৱকে আৰক্ষী থানালৈ গৈ মৃত্যুঞ্জয় কেন্দ্ৰত চলি থকা অমানৱীয় ব্যৱহাৰৰ বৰ্ণনা দি নিলমনি চেতিয়াৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে।
স্থানীয় ভিডিপি (VDP) সকলে থানালৈ গৈ এই নিচামুক্তি কেন্দ্ৰত সংঘটিত হোৱা অসামাজিক কাৰ্যকলাপৰ বিষয়ে লিখিত অভিযোগ আগবঢ়ায় আৰু কেন্দ্ৰটো বন্ধ কৰাৰ দাবী তোলে।
আদিবাসী ছাত্ৰ সন্থাও এই নিচামুক্তি কেন্দ্ৰটোৰ বিৰুদ্ধে গৰজি উঠে। সন্থাৰ অভিযোগ অনুসৰি, কোনো প্ৰয়োজনীয় অনুমতি নোলোৱাকৈ আইন-বহিৰ্ভূতভাৱে নামৰূপৰ এই কেন্দ্ৰটো চলি আছে আৰু আৰক্ষীৰ লগত মিলি-মিছল কৰি ইয়াক ড্ৰাগছ ব্যৱসায়ীৰ সহায়ক হিচাপে ব্যৱহাৰ কৰা হৈছে।
খবৰ অনুসৰি, আৰক্ষীয়ে অভিযুক্ত নিলমনি চেতিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, যদিও এতিয়ালৈকে নিচামুক্তি কেন্দ্ৰটোৰ মূল স্বতাধিকাৰীজন তলব কৰা নাই।