বিয়ালৈ অহা অতিথিক গছপুলি বিতৰণ দৰাৰ

নিজৰ বিয়াখনত অতিথিক গছপুলি বিতৰণ কৰি প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দেখুৱালে ছিপাঝাৰৰ এজন যুৱকে। প্ৰকৃতি আৰু মানৱ জীৱনৰ সুৰক্ষাৰ বাবে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা দোহাৰি প্ৰকৃতিপ্ৰেমী যুৱকজনে বিয়ালৈ অহা সকলো অভ্যাগতক আদৰে একোটা নিম গছৰ পুলিৰে। দৰাৰ সাজেৰে ছিপাঝাৰৰ কটাহী ধোপৰ তলৰ হিমালয় শৰ্মাই বিশেষ দিনটোত এনে উদ্যোগ গ্ৰহণ কৰি নিজকে সুখী অনুভৱ কৰে।

অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ আনন্দ খাটনিয়াৰ বিয়াৰ ৰভাতলিত উপস্থিত থাকি দৰা হিমালয় শৰ্মাক শুভাশিষ জনোৱাৰ লগতে, বিশেষ দিনটোত প্ৰকৃতি আৰু পৰিবেশ ৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপক উৎসাহ যোগায়।


Related Articles