কংগ্ৰেছৰ পৰা (Rejaul karim sarkar) ৰেজাউল কৰিম সৰকাৰক বৰ্খাস্তৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিলে আটাছুৱে।
‘কংগ্ৰেছৰ পৰা ৰেজাউল কৰিম সৰকাৰক বৰ্খাস্ত নকৰিলে অশান্ত হ’ব উজনি অসম’।
আমগুৰিতো ৰেজাউল কৰিম সৰকাৰৰ প্ৰতিকৃতি দাহ।
অসমীয়া যুৱ মঞ্চই সৰকাৰৰ প্ৰতিকৃতি ৰছীৰে বান্ধি ৰাজআলিত চোচৰাই।
কংগ্ৰেছত যোগ দিয়েই শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াক ধুবুৰী বনোৱাৰ পৰিকল্পনাৰ কথা ৰাজহুৱাভাৱে ব্যক্ত কৰি জাতীয় সংগঠনৰ ৰোষত আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিম সৰকাৰ।
অসমীয়া যুৱ মঞ্চই উভতি ধৰিলে ৰেজাউলক।
জাতীয় সংগঠনটোৱে আমগুৰি চাৰিআলিত ৰেজাউল কৰিমৰ প্ৰতিকৃতি ৰছীৰে বান্ধি ৰাজআলিত চোচৰাই লৈ ফুৰে।

