Rekibuddin Ahmed । কামৰূপ জিলাৰ নৱগঠিত ২৭ নং ছমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণতলীত বুধবাৰে সন্ধিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ছয়গাঁওৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ বদলা-ৰাংগাপানী যুৱ সংঘৰ আয়োজিত বাৰ্ষিক অধিৱেশন আৰু মুকলি ও বঁটা বিতৰণী সভাত অংশগ্ৰহণৰ বাবে বৃহৎ ৰেলীৰে এলগেই স্থানীয় একাংশ লোকৰ ক্ষোভৰ মুখামুখি হয়।
জানিব পৰা মতে, নৱগঠিত ছমৰীয়া সমষ্টিটোৰ পৰা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত স্থানীয় প্ৰাৰ্থীক প্ৰাৰ্থী বনোৱাৰ দাবী যথেষ্ট জোৰুত উঠি আছে কংগ্ৰেছৰ স্থানীয় কৰ্মী আৰু জনসাধাৰণৰ মাজত। এই পৰিপ্ৰেক্ষিতত বহিৰাগত প্ৰাৰ্থী হিচাপে ধাৰণা কৰা বিধায়ক ৰেকিবুদ্দিন আহমেদে সমষ্টিটোত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সঘন ভ্ৰমণ আৰম্ভ কৰাত স্থানীয় জনতাত অসন্তোষ সৃষ্টি হয়।
বুধবাৰে সন্ধিয়া সোণতলীৰ মাহতলী বজাৰত বিধায়কৰ ৰেলী যোৱা সময়তেই কিছু লোক “গ বেক” ধ্বনিৰে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে। উত্তেজিত জনতাই বিধায়ক ৰেকিবুদ্দিন আহমেদক বিজেপিৰ এজেণ্ট বুলি কটাক্ষো নিক্ষেপ কৰে। আচমকা সংঘটিত এই ঘটনাত মুহূর্ততে উত্তাল পৰিস্থিতিৰ সৃষ্টি হয় আৰু আকাশ-বতাহ কপাই তোলে প্ৰতিবাদী ধ্বনিয়ে।
পিছত উপস্থিত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়ি আহে আৰু সংঘটনটোক অধিক বাঢ়ি নোহোৱাকৈ সমাধান কৰিবলৈ সক্ষম হয়।
ছমৰীয়া সমষ্টিৰ স্থানীয় জনতাৰ এই ক্ষোভ প্ৰদৰ্শনে কংগ্ৰেছৰ অভ্যন্তৰীণ সমীকৰণ আৰু আগন্তুক নিৰ্বাচনী পৰিৱেশক লৈ নতুন চর্চাৰ জন্ম দিছে।

