Religious conflict: প্ৰসংগঃ ধৰ্মীয় সংঘাত, এইখন সমন্বয়ৰ অসম, শংকৰ-আজান, মা কামাখ্যাৰ অসম

অসমত বেছ কিছু দিনৰ পৰা বৰকৈ (Religious conflict) ধৰ্মীয় সংঘাত হ’বলৈ ধৰিছে। ধৰ্মীয় উত্তেজনাত যেন আমাৰ ৰাজ্যখনত সাতামপুৰুষীয়া শান্তি-সম্প্ৰীতিত ঘূণে ধৰিবলৈ আৰম্ভ কৰিছে। এতিয়া যেন ইটো ধৰ্মৰ মানুহে সিটো ধৰ্মৰ মানুহক ঘিন কৰিবলৈ লৈছে আৰু সন্দেহৰ চকুৰে চাইছে। আজি কেইটামান বছৰৰ আগলৈতো এনে পৰিৱেশ নাছিল, তেনে এতিয়া সেই পৰিৱেশ কিয় হ’বলৈ ধৰিছে। আমি অসমীয়া মানুহ সদায় শান্তিপ্ৰিয়, অতিথিপৰায়ণ, আন ধৰ্মৰ মানুহক উপযুক্ত সন্মান দিব পৰা এটা বৰ শক্তিশালী জাতি। পিছে এতিয়া কোনে বাৰু এই ধৰ্মবিদ্বেষৰ সূচনা কৰিলে। আমি জানো আমাৰ হিন্দু ধৰ্ম হাজাৰ হাজাৰ বছৰ পুৰণি এটা ধৰ্ম। যাক কোৱা হয় সনাতন ধৰ্ম।

এই ধৰ্মটো আজি সংকটত পৰা বুলি যেনে ধৰণে প্ৰচাৰ চলোৱা হৈছে সেই ধৰণে জানো সঁচাকৈয়ে সংকটত পৰিছে? এইটো আচলতে একাংশৰ ধৰ্মীয় উত্তেজনা বঢ়োৱা আৰু এটা ধৰ্মৰ লোকে আন এটা ধৰ্মৰ লোকক হিংসা কৰা বা সেইসকলক একেবাৰে নিঃশেষ কৰি পেলোৱাৰ এক ষড়যন্ত্ৰ কৰি এক হিংসা আৰু ঘৃণাৰ পৰিৱেশ ৰচনা কৰাৰহে কু-চক্ৰান্ত যেন অনুভৱ হৈছে। মই ভাবো আমাৰ হিন্দু ধৰ্মৰ কোনোদিন কেতিয়াও একো ক্ষতি নহয় বা কোনেও একো ক্ষতি কৰিব নোৱাৰে। এই বিশ্বাসখিনি ৰাখি আমি আমাৰ সনাতন ধৰ্মৰ কোনো ক্ষতি কৰিব যে নোৱাৰে এই কথা কিন্তু খাটাংকৈ ক’ব পাৰো । গতিকে আমি এই ২১ শতিকাত থিয় দি কিয় বাৰু ভাবিছো যে আমাৰ ধৰ্মটো কেতিয়াবা নিঃশেষ হৈ যাব বুলি। অন্ততঃ আমি হিন্দুখিনিয়ে কেতিয়াও ভাবিব নালাগে হিন্দু ধৰ্ম কেতিয়াবা আন ধৰ্মৰ ৰোষৰ বলি হ’ব। পৃথিৱীত যিমানবিলাক ধৰ্ম আছে সেই সকলোবিলাক ধৰ্মৰে এটাই মূল বাণী বা বিশ্বাস হ’ল ‘মানৱতা’, ‘সহিষ্ণুতা’। আৰু সকলো ধৰ্মৰ মানুহে এজনকে বিশ্বাস কৰে । আৰু সেইজনেই হৈছে ভগৱান। তেনে ধৰ্ম বিদ্বেষ কিয় ? অ, ভগৱানক কোনোবাই ‘আল্লা’, কোনোবাই ‘গড’ বুলি আৰাধনা কৰে। তাতে কিনো হ’ল, সকলোৱেতো এজনকে আৰাধনা কৰে। মাত্ৰ উপাসনাস্থলী বেলেগ বেলেগ। এক কথাত ক’বলৈ হ’লে মানৱীয় প্ৰেম আৰু ভগৱান সাধনাই হৈছে ধৰ্মীয় জ্ঞান।

সকলো ধৰ্মৰ মানুহে নিজৰ নিজৰ ধৰণেৰে ভগৱানক বিচাৰে। তাক লৈ মিছাই দন্দ্ব-খৰিয়াল কৰি থাকিলে কিবা লাভ হ’বগৈ নে ? বৰং দিনে দিনে বাঢ়ি থাকিব হিংসা, বিদ্বেষ, হাই-কাজিয়া। মনবোৰো ক্ৰমে গধূৰ হৈ পৰিব। আমাৰ যেনেদৰে ধৰ্মীয় আৱেগ আছে, সকলো ধৰ্মৰ লোকৰে তেনে ধৰ্মীয় আৱেগ আছে। গতিকে কোনোবাই কৰা এটা দোষৰ বাবে আমি সমগ্ৰ ধৰ্মটোকে বিদ্বেষৰ চকুৰে চোৱাটো কিমান যুক্তিসংগত ? ইমানখিনি কথা আমি নজনাকৈ থকা নাই। তথাপি এচাম স্বাৰ্থান্বেষী লোকে ধৰ্মীয় আৱেগক দোহাই দি সমাজত দিনে দিনে চলাই আহিছে হিংসা-বিদ্বেষ, বিভেদ, নানা ষড়যন্ত্ৰ। ফলত কিন্তু সমাজৰ কোনো ধৰণৰ উন্নতি হোৱা নাই। কেৱল বাঢ়িছে অসূয়া-অপ্ৰীতি, অবিশ্বাস, ঘৃণা-হিংসা আদি। আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি এচাম লোকে নানা ধৰণে মুনাফা লুটি আছে। ইয়াৰ ফলত সাধাৰণ লোকৰ দুখ-দুৰ্গতিৰ সীমা-নোহোৱা হৈ পৰিছে। সঁচাকৈয়ে এইসকল লোক প্ৰকৃত ধৰ্মপৰায়ণ লোক হয়নে ? হয়তো এওঁলোক ধৰ্মভিৰু। তেওঁলোক অতি ধাৰ্মিক হ’বলৈ গৈ নিজৰ ধৰ্মটোকে দিনে দিনে সংকীৰ্ণ কৰি গৈ আছে। সকলোৰে নিজৰ ঘৰখনৰ প্ৰতি যেনেদৰে আৱেগ জড়িত হৈ থাকে, ঠিক একেদৰে আৱেগ জড়িত হৈ থাকে নিজৰ জাতি বা ধৰ্মৰ প্ৰতি। সেয়ে আমি প্ৰতিটো ধৰ্মকে সন্মান কৰা উচিত মৰ্যাদাসহকাৰে। কিন্তু আজিৰ সময়ত আমি দেখি আহিছো অন্য এখন ওলোটা ছবি। এতিয়া চাৰিও ফালে এটা ধৰ্মৰ লোকে আন এটা ধৰ্মৰ লোকক হকে-বিহকে অপমান কৰিবলৈকে যেন সুযোগৰ অপেক্ষাতহে ৰৈ থাকে। তেনেদৰে জানো আমি শান্তি বিচাৰিলেই শান্তি আহিব ? নাহে, কেতিয়াও নাহে। কাৰণ ধৰ্মীয় আৱেগেৰে জ্বলোৱা জুইকুৰাৰ দাহন শক্তি বৰ বেয়া, ভয়াৱহ। এটা কথা কিন্তু ঠিক যে হিটলাৰে কেৱল খ্ৰীষ্টানধৰ্মীয় জাৰ্মানসকলৰ বিজয় নিচান উৰুৱাবলৈকেই ৬০ লাখ ইহুদীক হত্যা কৰিছিল। এনেদৰেই বিশ্বজুৰি পৱিত্ৰ আৰ্য ৰক্তি খ্ৰীষ্টানধৰ্মী জাৰ্মানসকলৰ বিজয় নিচান উৰুৱাবলৈকে হিটলাৰে ইহুদী ধৰ্মাৱলম্বী লোকক নৃশংসতাৰ অতল গহ্বৰলৈ ঠেলি দিছিল। কিন্তু অৱশেষত হিটলাৰেও তিলতিলকৈ মৃত্যুক আঁকোৱালি ল’ব লগা হৈছিল। হিটলাৰৰ অন্তিম মৃত্যু-যন্ত্ৰনাৰ কথা ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এনেদৰে পৃথিৱীৰ বুকুত এনে ধৰ্মযুদ্ধৰ বহুতো বৰ্ণনা খোদিত হৈ আছে। ধৰ্ম যুদ্ধৰ নামত বহুতো ৰক্তক্ষয়ী কাৰ্য-কলাপ সংঘটিত হৈ আহিছে কিন্তু কোনো জয়ী হ’ব পৰা নাই। শেষ হোৱা নাই মানৱতা। আজিও বিশ্বত একমাত্ৰ ধৰ্মৰ নামতে গৃহযুদ্ধ চলি আছে। ইজৰাইল, পেলেষ্টাইন, ইৰাক আদি বহু দেশত অকল ধৰ্মৰ নামতে ৰক্তপাত আদি চলি আছে। এচামে অতি সন্তৰ্পণে ধৰ্মীয় আৱেগৰ জুইকুৰা জ্বলাই দি নিজৰ স্বাৰ্থ সিদ্ধিৰ লগতে এখন বৃহৎ অস্ত্ৰৰ বজাৰো চলাই আছে। ধৰ্মীয় আৱেগৰ জালত একাংশক পেলাই দি সেইসকল লোকে তেওঁলোকৰ অস্ত্ৰৰ ৰমৰমীয়া বজাৰখন খুব নিৰাপদে চলাই গৈছে। এই সকলোবিলাকৰ আঁৰত লুকাই আছে মানৱতাবিৰোধী মৌলবাদী, সন্ত্ৰাসবাদীসকলৰ ষড়যন্ত্ৰ। সন্ত্ৰাসবাদ ধ্বংস কৰিবলৈ সংকল্প লোৱা আমেৰিকায়ো কিন্তু অস্ত্ৰৰ বজাৰখন চলাই গৈ আছে। এফালে তেওঁলোকে কয় শান্তিৰ কথা আৰু আনফালে বিভিন্ন দেশত বিক্ৰী কৰি আছে অস্ত্ৰ-শস্ত্ৰ। এনেদৰে বিশ্বত শান্তি সম্ভৱ হ’ব জানো।


এতিয়া আহো ৰাজ্যৰ ৰাজনীতিলৈ। বৰ্তমান আমাৰ ৰাজ্যখনতো এতিয়া ধৰ্মৰ নাগপাশে ভালকৈয়ে মেৰিয়াই ধৰিছে। ইয়াৰ পৰা মুক্ত হোৱাটো এতিয়া প্ৰায় অসম্ভৱ যেনেই লাগিছে। কাৰণ বিগত ঈদৰ সময়ৰ পৰাই কেৰোণটোৰ আৰম্ভণি হৈছে। অৱশ্যে ইয়াৰ পূৰ্বে সাম্প্ৰদায়িক সংঘৰ্ষৰে আমাৰ অসম ভূমি কেইবাৰো কলুষিত হৈছে। সততে আমি যিবোৰ সাম্প্ৰদায়িক সমস্যাৰ মুখামুখি হৈ আহিছো, সেইবোৰ নিশ্চয় আলোচনাৰ মাধ্যমেৰে সফল পৰিসমাপ্তি ঘটাব পাৰো। কিন্তু আমি সেইবোৰ কৰিব নিবিচাৰো। প্ৰতিটো ঘটনাৰ আঁৰত থাকে একো একোটা ৰাজনীতিৰ ছাঁ। আৰু সেয়ে সমস্যাৰ সমাধান নহৈ সেয়া সৰ্বত্ৰ সহজতে বিয়পি পৰে ৰাজনৈতিক হিংসা, ধৰ্মীয় হিংসালৈ। সৌ সিদিনা এনেদৰে অামাৰ সীমামূৰীয়া জিলা ধুবুৰীত এক সাম্প্ৰদায়িক উত্তেজনাই ভয়ংকৰ ৰূপ লোৱাৰ পৰিস্থিতি হৈছিলেই। এই উত্তেজনা বিয়পি পৰিছিল মন্দিৰৰ সন্মুখত গৰুৰ মাংস থোৱাক লৈ। মন্দিৰত বা মন্দিৰৰ সমীপত যেতিয়া গো-মাংস পোৱা যাব তেতিয়া স্বাভাৱিকতে উত্তেজনাৰ সৃষ্টি হ’বই। কোনো সনাতনী হিন্দুৱে এয়া সহ্য কৰিব নোৱাৰে। আমিও নোৱাৰো। বিভিন্ন ভাষা-ভাষী, বিভিন্ন ধৰ্মাৱলম্বী লোকৰ তথা সাম্প্ৰদায়িক সম্প্ৰীতিৰ আৱাসভূমি হ’ল ধুবুৰী চহৰ। এই চহৰখনতে আছে শিখ ধৰ্মাৱলম্বী লোকসকলৰ গুৰু টেগবাহাদুৰৰ গুৰুদ্বাৰ, ঐতিহ্যবাহী পাঁচ পীৰ দৰগাহ, ইতিহাসপ্ৰসিদ্ধ নেতাই-ধুবুনীঘাট, জাগ্ৰত মা-মহামায়া মন্দিৰ আৰু প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা অশোকাষ্টমী মহামেলাৰ ঐতিহ্য। এই সৰ্বধৰ্মৰ মিলনভূমি ধুবুৰী চহৰ বৰ্তমান ধৰ্মীয় উত্তেজনাত জৰ্জৰিত। স্বাধীনতাৰ পিছৰে পৰা শান্তিৰে বসবাস কৰি অহা ধুবুৰী চহৰততো কোনোদিনে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হোৱা নাছিল। তেনে এতিয়া কিয় ? নিশ্চয় ইয়াৰ অন্তৰালত কাৰোবাৰ ‘সাহসে’ ক্ৰিয়া কৰি আছে। অ, যিয়ে এনে গৰ্হিত কাৰ্য সংঘটিত কৰিছে তাক কৰায়ত্ত কৰি উপযুক্ত শাস্তি বিহি দৃষ্টান্ত দেখুৱাওক যাতে আগলৈ কোনেও এনে কাম কৰিব নোৱাৰে, কৰিবলৈ সাহস নকৰে।

আমাৰ শান্তিপূৰ্ণ অসমত কোনোবাই ধৰ্মীয় উত্তেজনা বিয়পাব সেইটো কেতিয়াও হ’ব নোৱাৰে। ইয়াক বাধা দিয়াৰ দায়িত্ব প্ৰতিজন অসমীয়াৰে। কিন্তু ইয়াৰ আঁৰত যদি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কোনোবাই উত্তেজনা বিয়পাবলৈ এনে গৰ্হিত কাৰ্যত লিপ্ত হৈছে তেনেহ’লে কিন্তু নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰাৰ লেখীয়া কাৰ্যহে যে হ’ব ই নিশ্চত। ইয়ে হয়তো আজি কাৰোবাক সাময়িক সকাহ দিব, কিন্তু উত্তৰ প্ৰজন্মই যে ইয়াৰ ফল ভুগিব ই নিশ্চিত। যিসকলে আজি এনে উত্তেজনাৰ সৃষ্টিত ঘিউ ঢালিছে তেওঁলোকেই এদিন ভুগিব লাগিব। সিদিনা বুজিব যিদিনা হাতৰ কুঠাৰ গৈ ভৰিত পৰিব। আমাৰ অসমভূমি হ’ল মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱৰ পুণ্যভূমি। আজানপীৰৰ জাৰি-জিকিৰৰ অমিয়া সুৰৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ ভূমি, মা কামাখ্যাৰ জাগ্ৰত পুণ্যভূমি। হয়গ্ৰীৱ মাধৱ-পোৱা মক্কাৰ দৰে মিলনৰ ঠাই এই পুণ্যভূমি অসম মাতৃৰ গাত যাতে কোনো অশুভ শক্তিয়ে তাণ্ডৱ চলাব নোৱাৰে তাৰ বাবে প্ৰতিগৰাকী সঁচা অসমীয়া সচেতন হ’বৰ হ’ল। অন্ততঃ ৰাজনৈতিক ব্যক্তিয়েই হওক বা সাধাৰণ লোকেই হওক সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই অসমৰ দৰে সমন্বয়ৰ এই পুণ্যভূমিৰ সদ্‌নাম কলুষিত নকৰিব। এইখন ‘গৰু-গাহৰি’ৰ অসম নহয়। এইখন সমন্বয়ৰ অসম।

লেখকঃ ভূপেন মহন্ত

Related Articles