Breaking

অসম বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ, গীতিকাৰ, সাহিত্যিক তথা তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক প্ৰয়াত নবীন কাথ হাজৰিকাক স্মৰণ…

0 19

অসম বিধানসভাৰ প্ৰাক্তন উপাধক্ষ্য, অধিবক্তা, সাহিত্যিক, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নবীন চন্দ্ৰ কাথ হাজৰিকাৰ বৰ্ণিল জীৱন পৰিক্ৰমা সংপৃক্ত” Nabin Chandra Kath hazarika – A Complete man ” শীৰ্ষক এখনি তথ্য চিত্ৰৰ শুভ মহুৰত কালি সম্পন্ন হয়। তেজপুৰ সাহিত্য সভাৰ তিনিটা কাৰ্যকালৰ প্ৰাক্তন সম্পাদক, জ্যেষ্ঠ সাংবাদিক পংকজ বৰুৱাই চিত্ৰনাট্য প্ৰস্তুত কৰা তথ্য চিত্ৰ নাট্য খনৰ কেমেৰা অন কৰে বিশিষ্ট অভিনেতা অৰুণ নাথ আৰু বিশিষ্ট শিল্পী কৃষ্ণা দাস নাথে।

অনুষ্ঠানৰ আৰম্ভণিতে আন্তৰ্জাতিক খ্যাতি সম্পন্ন আলোক চিত্ৰ শিল্পী নলিনী বৰৱা , বিশিষ্ট সাহিত্যিক, অধিবক্তা বিপিন কটকী , শিল্পী অপৰূপ আগৰৱালাই বন্তি প্ৰজ্জলনেৰে আৰম্ভ কৰা অনুষ্ঠানত দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডo অবনী কুমাৰ শৰ্মা , ডo জয়শঙ্কৰ হাজৰিকা , উপাধ্যক্ষ ডo গহন চন্দ্ৰ মহন্ত , জ্যেষ্ঠ অধিবক্তা ইস্কে আলম , যামিনি কুমাৰ বৈশ্য,প্ৰবীণ কন্ঠশিল্পী অজিৎ দাস,তেজপুৰ পৌৰসভাৰ পৌৰপতি প্ৰজ্ঞানু ভট্টাচাৰ্য্য, সাংবাদিক তৰুণ দাস , লেখিকা ৰাণু হাজৰিকা , প্ৰবীণ অভিনেত্ৰী তথা কন্ঠশিল্পী কল্পনা কলিতাকে ধৰি হাজৰিকা দেৱৰ গুণমুগ্ধ সকল উপস্থিত থাকে।

সভাত নবীন চন্দ্ৰ কাথ হাজৰিকা দেৱৰ বৰ্নিল জীৱন পৰিক্ৰমা সম্পৰ্কে বক্তা সকলে বক্তব্য আগবঢ়াই। উল্লেখ্য যে, প্ৰয়াত হাজৰিকা দেৱ এগৰাকী সফল ৰাজনীতি বিদ হিচাপে অসম বিধান সভালৈ আগবঢ়োৱা অবদান ,আকাশ বাণীৰ এগৰাকী সফল গীতিকাৰ , সাহিত্যিক, তথা এগৰাকী সফল আইনজ্ঞ হোৱাৰ লগতে তেজপুৰ সাহিত্য সভালৈ তেওঁৰ অবদান সম্পৰ্কত বক্তা সকলে আলোকপাত কৰি হবলগীয়া তথ্যচিত্ৰৰ প্ৰস্তুতি সম্পৰ্কে আন্তৰিক শলাগ জ্ঞাপন কৰে ।নৃত্য শিল্পী ৰুবী বৰা বৰদলৈয়ে কাথ হাজৰিকা ৰচিত এটি গীত পৰিবেশন কৰে ।উল্লেখ্য যে নবীন চন্দ্ৰ কাথ হাজৰিকাৰ পুত্ৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দুলাল চন্দ্ৰ কাথ হাজৰিকাৰ তৎপৰতাত তেজপুৰৰ নেহৰু ময়দানৰ সন্মুখৰ বহু ইতিহাস বিজড়িত হৈ থকা বাসগৃহতে অনুষ্ঠিত বিশেষ অনুষ্ঠানৰ শুভ মূহুতৰ্তে অধিবক্তা দুলাল চন্দ্ৰ কাথ হাজৰিকাৰ পুত্ৰ অধিবক্তা নীলম কাথ হাজৰিকা আৰু জাহ্নৱী বেজবৰুৱাৰ আঙঠি পিন্ধোৱা পৰ্বও মাংগলিক ভাৱে সম্পন্ন হয় । উল্লেখ্য যে তেজপুৰৰ প্ৰবীণ কন্ঠশিল্পী শিল্পী কল্পনা কলিতাই গীত পৰিবেশন কৰাৰ লগতে বিশিষ্ট লেখিকা ৰাণু হাজৰিকাই বিয়ানাম পৰিবেশন কৰা সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, কবি মৃদুল কুমাৰ চহৰীয়াই । সভাৰ শেষত শলাগ জ্ঞাপন কৰে পুত্ৰ দুলাল চন্দ্ৰ কাথ হাজৰিকাই।

Leave A Reply