Breaking

কবি-সাহিত্যিক বিনীতা দেৱী বৰুৱা দাসক স্মৰণ…

0 10

কবি-সাহিত্যিক বিনীতা দেৱী বৰুৱা দাসক স্মৰণ

গুৱাহাটী আজাৰাৰ পৰা প্ৰকাশিত অসমীয়া কাব্য সাহিত্য জগতৰ অন্যতম প্ৰতিষ্ঠিত কাব্যালোচনী কল্পদ্ৰুমৰ প্ৰাক্তন সম্পাদক, কবি, সমাজসেৱিকা, সাহিত্যিক প্ৰয়াত বিনীতা দেৱী বৰুৱা দাসৰ স্মৃতিচাৰণ সভাখন গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যায়। ২১ এপ্ৰিলত কল্পদ্ৰুম কাব্যালোচনীৰ উদ্যোগত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাখন মামণি ডেকা দাস, জোনালী ডেকা বৰুৱা আৰু প্ৰণিতা দাসৰ সমবেত কণ্ঠত গোৱা ঘোষাৰে শুভাৰম্ভ কৰা হয়। তাৰ পাছতেই কাব্যালোচনী কল্পদ্ৰুমৰ সম্পাদক, কল্পদ্ৰুম কালচাৰেল একাডেমীৰ অধ্যক্ষ তথা প্ৰয়াত বিনীতা দেৱী বৰুৱা দাসৰ সুযোগ্য পুত্ৰ মৃন্ময় দাসে প্ৰয়াত বিনীতা দেৱী বৰুৱা দাসৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। উল্লেখযোগ্য যে ২০২২ বৰ্ষৰ ১ মে’ত দেহাৱসান ঘটিছিল বিনীতা দেৱী বৰুৱা দাসৰ।


স্মৃতিচাৰণ সভাখনত কেইবাগৰাকী কবি-সাহিত্যিক, বিশিষ্ট ব্যক্তি উপস্থিত থাকি প্ৰয়াত বিনীতা দেৱী বৰুৱা দাসৰ সাহিত্যৰাজী, কৰ্মৰাজীৰ ওপৰত আলোকপাত কৰি বক্তব্য প্ৰদান কৰে। স্মৃতিচাৰণ সভাখনত তেখেতৰ প্ৰাক্তন ছাত্ৰ, বৰ্তমান কলকতা নিবাসী স্বামী প্ৰহলানন্দ পুৰী, সংগীত শিল্পী শান্তনু বৰুৱা, বিশিষ্ট কবি ৰাতুল গোস্বামী, লেখিকা বুলু কুমাৰী বৰা, গৰিমা দাস শইকীয়া, গীতা দাস আদিয়ে প্ৰয়াত বিনীতা দেৱী বৰুৱা দাসক ৰোমন্থন কৰি প্ৰদান কৰা বক্তব্যৰে সভাখন আৱেগিকভাৱে জীপাল কৰি তোলে। প্ৰয়াত বিনীতা দেৱী বৰুৱা দাসৰ কনিষ্ঠ কন্যা মুম্বাই নিবাসী ড° ধৃতি নয়না দাস বৰাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত বিনীতা দেৱী বৰুৱা দাসৰ সাহিত্যকৃতি, সামাজিককৃতিৰ স্মৃতিবিজড়িত তথ্যৰে পূৰ্ণ তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, লেখক-লেখিকা, কবি-সাহিত্যিক, ব্যক্তি বিশেষে বিনীতা দেৱী বৰুৱা দাসৰ ওপৰত মত প্ৰকাশ কৰা লেখনিৰে সমৃদ্ধ “আদৰ্শৰ অন্য এক উপাসনা” নামৰ এখনি স্মৰণিকা উন্মোচন কৰা হয়।

স্মৰণিকাখন উন্মোচন কৰে বিশিষ্ট কবি, অসম কবি সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক, প্ৰাক্তন সভাপতি ৰাজেন্দ্ৰ নাথ বৰদলৈয়ে। উন্মোচনী ভাষণত তেওঁ প্ৰয়াত বিনীতা দেৱী বৰুৱা দাসৰ লগতে তেখেতৰ স্বামী বিশিষ্ট সমাজসেৱক , কবি-সাহিত্যিক, গীতিকাৰ-সুৰকাৰ প্ৰয়াত অনুকূল দাসৰ সাহিত্যৰাজী কৰ্মৰাজী, অসমীয়া সাহিত্যৰ প্ৰতি ত্যাগ আৰু ভালপোৱাৰ কথা স্মৰণ কৰি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰয়াত বিনীতা দেৱী বৰুৱা দাসৰ ৰচনা আৰু সুৰেৰে সৃষ্টি এটি সমবেত গীতেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে কল্পদ্ৰুম কালচাৰেল একাডেমীৰ জ্যেষ্ঠ ছাত্ৰীবৃন্দই। আনহাতে তেখেতৰ পুত্ৰ মৃন্ময় দাসে লিখা আৰু জ্যেষ্ঠ কন্যা ড° কান্তা কাবেৰী দাসে কন্ঠ নিগৰোৱা এটি গীত পৰিৱেশনেৰে মাতৃক সুঁৱৰি অনুষ্ঠানটোৰ পৰিৱেশ আৱেগিক, গহীন কৰি তোলে। স্মৃতিচাৰণ সভাখনত সাহিত্যিক পেঞ্চনাৰ বিনন্দিৰাম দাস, মুম্বাইৰ পৰা অহা মীৰা সোণোৱালকে ধৰি গুৱাহাটী মহানগৰ কবি কাননৰ প্ৰতিনিধি, আজাৰা সাহিত্য সভাৰ প্ৰতিনিধি, আজাৰা লেখিকা সমাৰোহ সমিতিৰ প্ৰতিনিধি, কল্পদ্ৰুম কাব্যালোচনী আৰু কল্পদ্ৰুম কালচাৰেল একাডেমীৰ প্ৰতিনিধি, কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি, লেখক-লেখিকা, শুভাকাঙ্খী উপস্থিত থাকে।

Leave A Reply