Breaking

বিহগী কবিক স্মৰণ বিৰিণা গোষ্ঠী অসমৰ।ভাস্কৰ বৰ্মনলৈ ৰঘুনাথ চৌধাৰী সোঁৱৰণী বঁটা।

0 104

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বৰতলাৰ লক্ষ্মীমন্দিৰৰ সভাগৃহত কালি বিৰিণা গোষ্ঠী অসমে গোষ্ঠীটোৰ প্ৰতিমহীয়া সাহিত্য আলাপ “বিৰিণা বৈভৱ”, আৰু “বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতি দিৱস’ পালন কৰে । ইয়াৰ লগত সংগতি ৰাখি গ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান অনুষ্ঠানো অনুষ্ঠিত হৈ যায়।  অনুষ্ঠানটোৰ কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত বিৰিণা গোষ্ঠীৰ পতাকা উত্তোলন কৰে গোষ্ঠীটোৰ কেন্দ্ৰীয় সভাপতি লীলাধৰ পাঠকে। দিনৰ ২ বজাত  অনুষ্ঠিত হয় বিহগী কবি ৰঘুনাথ চৌধাৰীৰ স্মৃতিচাৰণ সভা আৰু নৱেম্বৰ মাহৰ সাহিত্য আলাপ ‘বিৰিণা বৈভৱ’ শীৰ্ষক অনুষ্ঠান । অনুষ্ঠানটোত সভাপতিত্ব কৰে বিৰিণা গোষ্ঠী,অসমৰ সভাপতি লীলাধৰ পাঠকে । গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা স্মৃতিচাৰণ সভাখনত আদৰণি ভাষণ প্ৰদান কৰে অনুষ্ঠানটোৰ আহ্বায়ক সংগীতা মেধিয়ে। অনুষ্ঠানটোত বন্তি প্ৰজ্বালন কৰি বৰতলাস্থিত মানেৰী সত্ৰৰ বৰ্ষিয়ান সত্ৰাধিকাৰ ধৰ্মনাৰায়ণ গোস্বামীয়ে ৰঘুনাথ চৌধাৰীৰ জীৱন-দৰ্শন আৰু কৰ্মৰাজিৰ বিষয়ে বক্তব্য দাঙি ধৰে । ৰঘুনাথ চৌধাৰীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি দৌলাশাল জিলা পৰিষদৰ সদস্য তথা বিশিষ্ট অভিনেতা বিৰাজ মেধিয়ে বিৰিণা গোষ্ঠীৰ কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰি গোষ্ঠীটোক সহযোগিতা আগবঢ়াই যাব বুলি কয় । বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামীয়ে সমূহীয়া শ্ৰদ্ধাঞ্জলি মুকলি কৰি বিৰিণা গোষ্ঠীৰ সৈতে সংপৃক্ত হ’বলৈ পাই ধন্য হোৱা বুলি দোহাৰে। মামনি পাটোৱাৰী বৰ্মনৰ ভক্তিমূলক গীতেৰে আৰম্ভ কৰা অনুষ্ঠানটো উদ্বোধন  কৰি সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ হলিৰাম ডেকাই বিহগী কবি উপাধি প্ৰদান কৰা ৰঘুনাথ চৌধাৰীৰ উচিত মূল্যায়ন হোৱা নাই বুলি আক্ষেপ কৰাৰ লগতে তেওঁৰ কৰ্মৰাজি সম্পৰ্কত বিশদ বিৱৰণ দাঙি ধৰে । সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি  কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° মাধুৰ্য্যমণ্ডিত বৰুৱাই অসম বুৰঞ্জীৰ তথ্য দাঙি ধৰি  ৰঘুনাথ চৌধাৰীৰ জন্ম গাঁও লাউপাৰাৰ আৰু এই ভুখণ্ডৰ এটি পৰিচয় দিয়াৰ লগতে ৰঘুনাথ চৌধাৰীৰ কবিতা তত্ত‌্ব, ভাৱাদৰ্শ, জীৱন-দৰ্শন আৰু সৃষ্টিৰাজি সন্দৰ্ভত বিস্তৃত আলোচনা আগবঢ়াই ৰঘুনাথ চৌধাৰী এগৰাকী পূৰ্ণ মানৱ আছিল বুলি কয় । ভাষণ প্ৰসংগত তেখেতে কয় যে বিৰিণা গোষ্ঠীয়ে সাগৰ তলিত মানিক বিচাৰি ঘূৰি ফুৰে আৰু  সমাজ-জীৱনৰ অনাদৃত হৈ থকা প্ৰতিভা তুলি আনি উচিত ঠাইত সংস্থাপিত কৰাৰ যত্ন কৰি আহিছে । গোষ্ঠীটোৱে সমাজ জীৱনৰ লগতে বৌদ্ধিক সমাজলৈ যথেষ্ট বৰঙণি আগবঢ়াই আহিছে’। প্ৰকৃতিৰ কবি ৰঘুনাথ চৌধাৰী সন্দৰ্ভত তেখেতে পুনৰ কয় যে ‘মাধৱ কন্দলীৰ পিছতে ৰমন্যাসবাদ কবি হিচাপে শ্ৰেষ্ঠ কবি ৰঘুনাথ চৌধাৰী । তেওঁ প্ৰকৃতিক সঠিক ভাবে তুলি আনি অসমীয়া সাহিত্যত সংৰোপণ কৰিলে । ৰঘুনাথ চৌধাৰী প্ৰাশ্চাত্য দৰ্শনৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি কোনো কোনোৱে ক’ব খোজে যদিও তেওঁ প্ৰকৃততে প্ৰাচ্য দৰ্শনহে নিখুঁত ভাৱে অধ্যয়ন কৰিছিল  ।’  উল্লেখ্য যে উক্ত অনুষ্ঠানতে প্ৰতিবছৰৰ দৰে  ৰঘুনাথ চৌধাৰী সোঁৱৰণী বিশেষ বঁটা এইবেলি প্ৰদান কৰা হয় অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা, বিশিষ্ট নাট্যকাৰ বৰক্ষেত্ৰীৰ সুসন্তান ২নং জয়সাগৰ গাঁৱৰ  ভাস্কৰ বৰ্মনক । বঁটাত আছে বিৰিণাৰ নামাংকিত গামোচা, চেলেং চাদৰ, জাপি, এটি স্মাৰক, কিতাপৰ টোপোলা, প্ৰশস্তি পত্ৰ আৰু নগদ ধন । বঁটা গ্ৰহণ কৰি ভাস্কৰ বৰ্মন আবেগিক হৈ পৰে আৰু বিৰিণা গৰীৱৰ কলিজা বুলি দোহাৰি তেওঁৰ স্বভাৱসিদ্ধ ভংগীমাৰে কেইবাটাও নাটকীয় সংলাপ আওৰাই উপস্থিত ৰাইজক আপ্লুত কৰে । গোষ্ঠীটোৰ হৈ বিশিষ্ট সাহিত্যিক-গৱেষক ডঃ মাধুৰ্য্যমণ্ডিত বৰুৱাই প্ৰদান কৰে এই বঁটা। জয়ন্ত ডেকা, সংগীতা মেধি আৰু পংকজ বৰ্মনৰ আহ্বান ক্ৰমে বৰতলাত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানতে তফিকুৰ ৰহমান সম্পাদিত গোষ্ঠীটোৰ তিনিমহীয়া ক্ষুদ্ৰ কাব্য আলোচনী ‘বীথিকা’ৰ শৰৎ সংখ্যা উন্মোচন কৰা হয় । বৰতলা লক্ষ্মী মন্দিৰ সভাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত ডেইজী অনুৰঞ্জনা , জিয়াউৰ ৰহমান, পিনু বৰ্মন, ৰমণী নাথ,  প্ৰণিতা হালৈ, আঞ্জুম আৰা হক,  মৰমী ডেকা, হিমানী বৰ্মন, আতিকুৰ ৰহমান, সুৰভি বৰ্মন, মলয়া বৈশ্য কাকতি, সীমান্ত চৌধুৰী আদি প্ৰায় কুৰিগৰাকী নবীন-প্ৰবীন কবিয়ে কবিতা পাঠ কৰাৰ লগতে প্ৰণিতা ৰাজবংশী আৰু প্ৰণিতা হালৈ (প’পী)য়ে গীত পৰিৱেশন কৰে । শিশু শিল্পী নিয়ৰকণা শৰ্মাৰ বৰগীতে অনুষ্ঠানটো অনন্য কৰি তোলে। স্মৃতিচাৰণ সভাত  বিশিষ্ট সমাজসেৱক তথা জ্যেষ্ঠ অভিযন্তা শশীভূষণ ডেকা, বিৰিণাৰ উপদেষ্টা ৰোহিণী কুমাৰ দাসে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে । সভাপতিৰ ভাষণত লীলাধৰ পাঠকে ৰঘুনাথ চৌধাৰীৰ কবিতাৰ পংক্তি আওৰাই এইগৰাকী কবিৰ জীৱন-দৰ্শনৰ বিজ্ঞান সন্মত আৰু পক্ষপাতহীন বিশ্লেষণ হোৱা প্ৰয়োজন বুলি মন্তব্য কৰে ।  ৰূপাঞ্জলী চৌধুৰী আৰু নিপু শইকীয়াই সহযোগিতা আগবঢ়োৱা অনুষ্ঠানটোত বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা তথা বিশিষ্ট লেখক পৰীক্ষিত বৈশ্য , বৰতলাৰ গাঁৱৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অতুল চন্দ্ৰ গোস্বামী, দীনেশ চন্দ্ৰ বৰ্মন, দৌলাশাল হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱেন কুমাৰ কলিতা,  বৰতলা হাইস্কুলৰ প্ৰধান শিক্ষক ভূৱনেশ্বৰ নাথ, বৰতলা গাঁও উন্নয়ন সমিতিৰ সম্পাদক জগদীশ বৰ্মন, বৰক্ষেত্ৰী প্ৰেছ ক্লাবৰ সম্পাদক সুভাষ কাকতি, অৱসৰপ্ৰাপ্ত বেংক বিষয়া বসন্ত মেধি, শিৱসাগৰ জিলাৰ নুৰুল ইছলাম চৌধুৰীক সম্বৰ্ধনা জনায় বিৰিণা গোষ্ঠীয়ে । বৰপেটা জিলাৰ বিৰিণাৰ সমন্বয়ক হৰমোহন বৰ্মন, বিজ্ঞাপন সচিব চেলিম মালিক, সদস্য জেহেৰুল ইছলাম, খঞ্জনজ্যোতি পাঠক,  কুলদীপ পাঠককে আদি কৰি নলবাৰী আৰু বৰপেটা জিলাৰ কেইবাগৰাকী  বিৰিণাৰ সদস্যৰ লগতে বৰক্ষেত্ৰীৰ অৰ্ধশতাধিক সাহিত্য অনুৰাগী উপস্থিত থকা অনুষ্ঠানটোত কৃষ্টি এৱাৰ্ডচ-২১ বঁটা প্ৰাপক গোষ্ঠীটোৰ সভাপতি লীলাধৰ পাঠক আৰু বিশেষ প্ৰতিনিধি জিয়াউৰ ৰহমানক সম্বৰ্ধনা জনায় বিৰিণা গোষ্ঠীয়ে । আহ্বায়ক জয়ন্ত ডেকাই  শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত অসম সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷

Leave A Reply