Breaking

নুমলীগড় ধোদাঙৰ বিশিষ্ট অভিনেতা, নাট্যকাৰ, নাট পৰিচালক, শিল্পী পেঞ্চনাৰ কেশৱ হাজৰিকাৰ পৰলোক…

0 27

নুমলীগড়ৰ ধোদাং নিবাসী বিশিষ্ট অভিনেতা, নাট্যকাৰ , নাট পৰিচালক, শিল্পী পেঞ্চনাৰ তথা বাননিয়ন্ত্ৰন বিভাগৰ অৱসৰী কৰ্মচাৰী কেশৱ হাজৰিকা (৮৮)ৰ যোৱা ১৩ ফেব্ৰুৱাৰীত বাৰ্দ্ধক্যজনীত কাৰণত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে। ৮৫ বাৰকৈ কংসৰ চৰিত্ৰত অভিনয় কৰি অৱশেষত ১৩ ফেব্ৰুৱাৰীৰ পুৱা চাৰি বজাত মৃত্যৰ শীতল কোলাত শুই পৰিল বোকাখাতৰ নুমলীগড়ৰ ধোদাং গাঁৱৰ কংস খ্যাত কেশৱ হাজৰিকা। ভালেকেইখন নাটক ৰচনা কৰি, বিভিন্ন মঞ্চত নাটক পৰিচালনা কৰি, একাঠু বোকাপানি খচকি, জাৰ জহ নামানি বহু কিলোমিটাৰ চাইকেলৰে বাটকুৰি বাই ৭০ দশক মানৰ পৰা বোকাখাত অঞ্চলত নাট্য আন্দোলনৰ গুৰি ধৰা এগৰাকী নাট্য প্ৰেমী কেশৱ হাজৰিকা। হাজৰিকাৰ নাট্য সংকলন “হাফঁলু “। নুমলীগড় সাংবাদিক সংস্থা আৰু, নুমলীগড় ভাস্বতী শাখা সাহিত্য সভাই হাজৰিকাৰ অভিন্দন গ্ৰন্থ প্ৰকাশ কৰি তেখেতক “নাট্য প্ৰাণ” উপাধিৰে বিভূষিত কৰিছিল। গোলাঘাট জিলাৰ বহু গাঁৱত, বহু অঞ্চলত ৭০ দশক মানৰ পৰাই ৰাস আৰু নাটক শিকাই, নিজেও ৮৫ বাৰকৈ কংসৰ চৰিত্ৰত অভিনয় কৰি খলকনিৰ সৃষ্টি কৰিছিল।

প্ৰকৃত অৰ্থত হাজৰিকা এগৰাকী লোকশিল্পী হিচাবে পৰিগণিত। হাজৰিকাৰ পত্নী তথা বিশিষ্ট ধৰ্মপ্ৰাণ আৰু সৰবৰহী মহিলা স্বৰ্ণলতা হাজৰিকাৰ ২০১৫ চনত পৰলোকপ্ৰাপ্তি ঘটিছিল। তেওঁৰ কন্যা ঊষাজোন ফুকন হাজৰিকা এগৰাকী বিশিষ্ট কবি, লেখিকা তথা নুমলীগড় চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ অসমীয়াৰ বিষয় শিক্ষয়িত্ৰী। প্ৰয়াত হাজৰিকাই দুই পুত্ৰ আৰু দুই বোৱাৰী, দুই কন্যা আৰু দুই জোৱাই, আঠ নাতি নাতিনীকে ধৰি অজস্ৰ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ গৈছে। তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে গুণমুগ্ধ সকল শোকত ম্ৰীয়মান হৈ পৰে। ধোদাং গাঁৱৰ বয়োজ্যেষ্ঠ শিল্পী গৰাকীৰ নশ্বৰ দেহ পুৱা ধোদাং বৰ নামঘৰৰ প্ৰাঙ্গনলৈ গায়ন বায়ন সমন্বিতে অগনন গুনমুগ্ধই সমদল কৰি নিয়ে আৰু বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি সকলোৱে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ধোদাং বৰ নামঘৰৰ সমীপতে অন্তেষ্টিক্ৰীয়া সমাপন কৰে । লোকশিল্পী গৰাকীৰ পৰলোক গমনত ধোদাং বৰ নামঘৰ, ধোদাং শংকৰ জ্যোতি নাট্য মন্দিৰ, ধোদাং ৰশ্মি ৰেখা শিল্পী সমাজ, নুমলীগড় সাংবাদিক সংস্থা, নুমলীগড়,ভাস্বতী শাখা সাহিত্য সভা,নুমলীগড় শাশ্বতী লেখিকা সমাৰোহ সমিতি, ধোদাং শংকৰদেৱ ৰাজহুৱা নামঘৰ, পশ্চিম ধোদাং নামঘৰ, ধোদাং ৰশ্মি ৰেখা শাখা মইনা পাৰিজাত, ধোদাং প্ৰগতিশীল মহিলা সমিতি, ধোদাং সন্মিলিত যুৱ মঞ্চ, বুধবাৰী নামঘৰ সমাজ, বুধবাৰী শংকৰ নাট্য মন্দিৰ, কমাৰ গাঁও আঞ্চলিক সাহিত্য সভা,বোকাখাত মহকুমা পালনাম সমিতি, গোলাঘাট জিলা কবি সন্মিলন, বোকাখাত মহকুমা কবি সন্মিলন, ধনশিৰি পৰীয়া আঞ্চলিক পালনাম সমিতি, ৩ নং ধোদাং প্ৰাথমিক বিদ্যালয়,ধোদাং মধ্য ইংৰাজী বিদ্যালয়, অসম প্ৰেছ কৰেছপণ্ডেণ্ট ইউনিয়নৰ গোলাঘাট জিলা সমিতি, কমাৰ গাঁও প্ৰেছ ক্লাব, কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থা, সদৌ অসম মহিলা সাংবাদিক সংস্থা, সদৌ অসম সাংবাদিক সংস্থা, বোকাখাত মহকুমা সাংবাদিক সংস্থা, ইমজা, কাজিৰঙা নিউজ নেটৱৰ্ক, খবৰ বেকাখাত, অভিনেতা, সমাজকৰ্মী বয়োজ্যেষ্ঠ প্ৰফুল্ল শইকীয়া, পূৰ্ণ বৰুৱা, নুমলীগড় উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰ প্ৰাপ্ত অধ্যক্ষ মহেন শইকীয়া, জীতেন বৰা ওজা, অলিমাই হাজৰিকা আদিয়ে শোক প্ৰকাশ কৰি মৃতকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইফালে অসম ৰাজ্যিক সাংবাদিক সন্থা,বোকাখাত মহকুমা সাংবাদিক সংস্থা , অসম সত্ৰ মহাসভা, কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, কুৰুৱাবাহী, খতিয়াখলি আঞ্চলিক শিল্পী সমাজ নাট্য মন্দিৰৰ লগতে বহু সংখ্যক ব্যক্তি-সংগঠনে শোক প্ৰকাশ কৰিছে।

Leave A Reply