Breaking

উত্তৰ গুৱাহাটীৰ জাতীয়তাবাদী ভাবা সম্পন্ন বিশিষ্ট ধৰ্মপ্ৰাণা মহিলা ৰেণু বৰুৱাৰ বিয়োগ…

0 49

সমগ্ৰ উত্তৰ গুৱাহাটীত শোকৰ ছাঁ


উত্তৰ গুৱাহাটী ৰজাদুৱাৰ নিৱাসী সৰবৰহী , ধৰ্মপ্ৰাণা মহিলা ৰেণু বৰুৱাই যোৱা নিশা ইহলীলা সম্বৰণ কৰে । যোৱা ১ মাৰ্চ তাৰিখে শাৰীৰিক অসুস্থ অনুভৱ কৰাত পুত্ৰ বিশ্বজিত বৰুৱাই ততাতয়াকৈ উত্তৰ গুৱাহাটীস্থিত ব্যক্তিগত চিকিৎসালয় জি এন আৰ চি চিকিৎসালয়ত ভৰ্তি কৰে।কেইবাদিন ধৰি অসুস্থ হৈ থকা বৰুৱাই চিকিৎসাধীন অৱস্থাতেই ১১ মাৰ্চ তাৰিখে নিশা ১০.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য,স্বৰ্গগত বৰুৱা উত্তৰ গুৱাহাটীৰ বিশিষ্ট সমাজ সেৱক ৰবীন্দ্ৰনাথ বৰুৱাৰ পত্নী,অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ তথা অসম চৰকাৰৰ পশু ধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ শাহু আছিল। অতি অমায়িক ,মানৱ দৰদী, ধৰ্ম প্ৰাণা ৰেণু বৰুৱাৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অলেখ গুণমুগ্ধ আহি তেখেতৰ বাসগৃহত ভিৰ কৰে। সকলোৱে প্ৰয়াত বৰুৱালৈ শেষ শ্ৰদ্ধাঞ্জঁলি জ্ঞাপন কৰে। সমাজহিতৈষী ধৰ্মপ্ৰাণা ৰেণু বৰুৱাৰ মৃত্যুত সমগ্ৰ উত্তৰ গুৱাহাটীত গভীৰ শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে ৰেণু বৰুৱাৰ বাসগৃহৰ পৰাই পৰৱৰ্তী সময়ত উত্তৰ গুৱাহাটীকে আদি কৰি জালুকবাৰীত

আঞ্চলিকতাবাদ তথা জাতিয়তাবাদৰ ধাৰা শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাৰ বহু আলোচনা সভাৰ মূল কাৰ্যলয় হিচাপে চিহ্নিত হৈছিল। এই ক্ষেত্ৰত প্ৰয়াত বৰুৱাৰ অৱদান তথা সহযোগ স্মৰণীয় হৈ থাকিব।সততে মুখত হাঁহিটো লৈ থকা প্ৰয়াত বৰুৱাই মৃত্যুৰ আগমূহুৰ্তলৈকে মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰত হোৱা নাম প্ৰসংগ সমূহত জৰিত হৈ আছিল। সামাজিক ভাৱে সচেতন বৰুৱাৰ মৃত্যুত অসম গণ পৰিষদ জালুকবাৰী বিধান পৰিষদে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ মৃতদেহত দলৰ পতাকা অৰ্পণ কৰি শেষ শ্ৰদ্ধাঞ্জঁলি জ্ঞাপন কৰে।অগপ দলৰ সম্পাদক জয়ন্ত কুমাৰ নাথ,দলৰ জালুকবাৰী সমষ্টি কমিটীৰ ভাৰ প্ৰাপ্ত সভাপতি শংকৰ কুমাৰ দাস,জেষ্ঠ্য কাৰ্যকৰ্তা গণেশ দাস,শৈল বৰুৱা, চন্দন বৰুৱা,আশিক চৌধুৰী, মাধুৰ্য্য বৰা,দিনেশ দাসকে আদি কৰি দলৰ বহু কৰ্মী উপস্থিত থাকি প্ৰয়াত ৰেণু বৰুৱালৈ দলৰ তৰফৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। মজিন্দাৰ বৰুৱা বংশৰ তৰফৰ পৰা সৌৰভ বৰকাকতীয়ে তেখেতক শ্ৰদ্ধাঞ্জঁলি জ্ঞাপন কৰে।অসম বাৰ্তাজীৱি সংঘৰ সভাপতি তথা সদৌ কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি মধুসূদন মেধিয়েও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতলৈ এখন গামোচাৰে শেষ শ্ৰদ্ধাঞ্জঁলি জ্ঞাপন কৰে। ইয়াৰ উপৰিও উত্তৰ গুৱাহাটী সাংবাদিক সন্থা, উত্তৰ গুৱাহাটী সামাজিক অনুষ্ঠান জিলিঙণিৰ সম্পাদক ৰূপক ডেকা, ৰজাদুৱাৰ ক্লাব এণ্ড লাইব্ৰেৰী, প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ তৰফৰ পৰা সৌৰভ বৰুৱা আৰু চন্দন বৰুৱা, উত্তৰ গুৱাহাটী যুৱ সমাজ,অভয়পুৰ ৰদালি সংঘ আৰু পুথিভঁৰাল, সদৌ উত্তৰ গুৱাহাটী ছাত্ৰ সন্থা, ভাৰতীয় জনতা পাৰ্টী উত্তৰ গুৱাহাটী মণ্ডলৰ সাধাৰণ সম্পাদক সঞ্জীৱ শৰ্মাই ৰেণু বৰুৱাৰ

মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ উপৰিও উত্তৰ গুৱাহাটীৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা প্ৰয়াত বৰুৱালৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।প্ৰয়াত বৰুৱাৰ শেষাকৃত অনুষ্ঠানত উত্তৰ গুৱাহাটী জিএনআৰচি চিকিৎসালয়ৰ জন সম্পৰ্কৰক্ষী বিষয়া খুন্তি দাসৰ লগতে সুৰক্ষা বিষয়া দিনেশ নাথ উপস্থিত প্ৰয়াত বৰুৱালৈ শ্ৰদ্ধা নিবেদন কৰে। অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ৰেণু বৰুৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। এক শোক বাৰ্তাত মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে যে জালুকবাৰী সমষ্টিৰ লগতে কামৰূপ জিলাত পৰৱৰ্তী সময়ত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদৰ ধাৰা শক্তিশালী ৰূপত আগুৱাই লৈ যোৱাত প্ৰয়াত ৰেণু বৰুৱাৰ অৱদান আছিল অপৰিসীম। ৭৭ বছৰ গৰকা ৰেণু বৰুৱাই মৃত্যুৰ সময়ত স্বামী, পুত্ৰ, বোৱাৰী, তিনি গৰাকী জীয়ৰী, জোৱাঁইকে আদি কৰি নাতি নাতিনী সহ অলেখ গুণমুগ্ধক এই সংসাৰত এৰি থৈ যায়।

Leave A Reply