Breaking

বিশিষ্ট সাহিত্যিক তাৰাপতি উপাধ্যায়ক পদ্মশ্ৰী বটাৰ বাবে মনোনীত কৰিবলৈ প্ৰতিবেদন প্ৰদান

0 1,572

অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিয়ে ৬৯নং ওদালগুৰি বিধানসভাৰ বিধায়ক তথা বি টি চিৰ উপমুখ্য কাৰ্য্যবাহী গোবিন্দ বসুমতাৰীক লগ ধৰি অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিয়ে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত স্মাৰক পত্ৰত ভাৰত চৰকাৰে প্ৰদান কৰিবলগীয়া বিশিষ্ট সাহিত্যিক সকলক এইবছৰ প্ৰদান কৰিবলগীয়া পদ্মশ্ৰী পুৰস্কাৰৰ কাৰণে ওদালগুৰিৰ বিশিষ্ট সাহিত্যিক তাৰাপতি উপাধ্যায়ক উক্ত পদ্মশ্ৰী বটাৰ বাবে মনোনীত কৰিবলৈ আহ্বান জনায়। লগতে নতুনকৈ পুনৰ গঠন হোৱা ওদালগুৰি জিলা নেপালী সাহিত্য সভায়ে ওদালগুৰি জিলাৰ বিধায়ক সকলক সম্বৰ্ধনা জনোৱা কাৰ্য্যসূচীও কোৰোনা কালৰ বাবে স্থগিত কৰিবলগীয়া হৈছিল। সেই চেগতে ওদালগুৰি জিলা নেপালী সাহিত্য সভাই বিধায়ক তথা বি টি চিৰ উপ মুখ্য কাৰ্য্যবাহীক এখন সম্বৰ্ধনা পত্ৰ, খদা, টুপী আৰু কলম প্ৰদান কৰি সম্বৰ্ধনা জনায়। উক্ত সম্বৰ্ধনা প্ৰদান কাৰ্য্যসূচীত বিশিষ্ট সাহিত্যিক তাৰাপতি উপাধ্যায়, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুস্পধৰ শৰ্মা, বিশিষ্ট সাংবাদিক তথা সাহিত্যিক বৈদ্যনাথ উপাধ্যায়, অসম নেপালী সাহিত্য সভা কেন্দ্ৰীয় সদস্য সহদেৱ গৌতম, অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সদস্য কৃষ্ণ মিজাৰ, নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰী, সাধাৰণ সম্পাদক মোহন ছেত্ৰী, শিক্ষা সম্পাদক দ্বীপেন্দ্ৰ সাপকোটা, ওদালগুৰি জিলা নেপালী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দেৱৰাজ সাপকোটা আদি উপস্থিত থাকে।

Leave A Reply