দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কটহগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলতো আজি ৭৬ তম গণৰাজ্য দিৱস দিনযোৰা কাৰ্য্যসূচীৰে উলহ মালহেৰে পালন কৰা হয়।(Republic Day 2025) পুৱা পতাকা উত্তোলন কৰে অধ্যক্ষ ৱাজীদুল হকে, ইয়াৰ পিছতেই ৰাষ্ট্ৰীয় পতাকাক সন্মান জনাই ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়।
ইয়াৰ উপৰিও স্বাধীনতা আন্দোলনত শ্বহীদ বৰণ কৰা শ্ৰদ্ধা কাননত পুষ্পঞ্জলি জনোৱা হয়। ইপিনে কটহগুৰি মহাবিদ্যালয়, কটহগুৰি এ ইউ হাই স্কুল, আহোম গাঁও আৰক্ষী পহৰা চকী, দাৰুল উলুম কটহগুৰি টুকটুকী মাদ্ৰাছা, কটহগুৰি নিউ পি এইচ চি, বালিজান তাজৱিদুল কোৰান হাফিজিয়া মাদ্ৰাছা, কটহগুৰি বাণিজ্য চিনিয়ৰ চেকেণ্ডাৰী স্কুল আৰু সৰুচলা খেল পথাৰতো ৭৬ সংখ্যক ৰাষ্ট্ৰীয় গণৰাজ্য দিৱস পালন কৰাৰ বাতৰি পোৱা গৈছে ।

