ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত ভাৰতৰ ৭৬ তম গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কাৰ্য্যসূচী ২৬ জানুৱাৰী, ২০২৫ তাৰিখে জিলা আয়ুক্ত কাৰ্যালয়ৰ পেৰেড গ্রাউণ্ডত অনুষ্ঠিত হয়।(Republic Day 2025)
দেওবাৰে পুৱা ৮বজাত গণৰাজ্য দিৱসৰ উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বিটিআৰৰ উপমুখ্য কাৰ্যবাহী সদস্য, ওদালগুৰি বিধান সভা সমষ্টিৰ বিধায়ক গোবিন্দ বসুমতাৰীয়ে। তাৰ পিছত গাৰ্ড অফ অনাৰত অংশগ্ৰহণ কৰে গোবিন্দ বসুমতাৰীয়ে ৷
আৰক্ষী, অৰ্ধ সামৰিক বাহিনী আৰু বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলৰ দ্বাৰা মাৰ্ছ পাষ্ট কৰা হয়৷ বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰ আৰাম্ভনি কৰা হয়। অনুস্থানটিত জিলা উপাযুক্ত পুলক পাটগিৰি, আৰক্ষী অধীক্ষক পুস্কিন জৈন, বিটিআৰ পৰিষদ ৰ কাৰ্য্যবাহী সদস্য ড: নিলোৎ স্বৰ্গীয়াৰী, বিটিআৰ পৰিষদ ৰ সদস্য ফেচ মোছাহাৰী, বিশিষ্ট সমাজ সেবক মিনন মোচাহাৰী, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, বিটিচি প্ৰাক্তন প্ৰিন্সিপাল ছেক্টৰীৰি ৰবিনচন মোছাহাৰী, বিজেপিৰ সম্পাদক জয়কান্ত শৰ্মা সহিলে জিলা খনৰ বিভিন্ন বিভাগৰ মুৰবী সকল আৰু জিলা খনৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

