Breaking

মুখ্যমন্ত্ৰীক অনুৰোধঃ ৰাইজক লাগে দলং…

0 65

দৰং ওদালগুৰি লোকসভা সমষ্টিত নিৰ্বাচনৰ গৰম বতাহ তীব্ৰ গতিত অবধাৰিত ৷ শাসনাধিষ্ঠিত বিজেপি সমৰ্থিত পাৰ্থী দিলিপ শইকীয়াই নিৰ্বাচনী সভাত বক্তব্য মই ৪ লাখ ভোটত জয়ী হম, কংগ্ৰেছ সমৰ্থিত পাৰ্থী মাধৱ ৰাজবংশীৰ বক্তব্য মই কৰে ২ লাখ ভোটত জয়ী হম, আনহাতে বিপি এফ সমৰ্থিত পাৰ্থী দুৰ্গাদাস বড়ো অনুৰূপ বক্তব্য ৷ পিচে পাৰ্থীসকলৰ এই বক্তব্যবোৰৰ আৰত থাকিব ভোটাৰসকল ৷ আনহাতে ছিপাঝাৰ সমষ্টিত নিৰ্বাচনী গৰম বতাহ বলি থকা সময়তে শাসনাধিষ্ঠিত জনপ্ৰতিনিধিৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ পুৰুষ মহিলাৰ ৷ ২০২২ বৰ্ষত প্ৰলয়ংকৰী বানে পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত নিজ সৰাবাৰী, গংগাপুখুৰী, বুঢ়াখাট, কটাহী গাওঁত বানপানীয়ে ক্ষতিগ্ৰস্ত পথ তিনি বছৰে মেৰামতি নকৰাত জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদ ৷ পশ্চিম দৰঙৰ কটাহী ৰাজহ গাওঁৰ এখন ভঙা বাহৰ দলঙেৰে যাতায়ত আজিও অব্যাহত ৰাখিছে অঞ্চলবাসী ৰাইজে ৷

কটাহী বাসী ৰাইজে নিৰ্মাণ কৰা এখন বাহৰ দলঙেৰে তিনি বছৰে বিপদসংকুল ভাৱে যাতায়ত কৰি আহিছে ছিপাঝাৰ সমষ্টিৰ সৰাবাৰী পঞ্চায়তৰ কটাহীবাসীয়ে ৷ উল্লেখ্য যে ২০২২ চনত প্ৰলয়ংকৰী বানপানীয়ে চিঙি নিছিল এই কটাহী – গংগাপুখুৰী পথটিৰ কালভাৰ্টটো ৷ বাৰিষা বিভিন্ন ঠাইৰ পৰা অহা পানী খাটৰ দলনিত জমা হৈ গংগাপুখুৰী- কটাহী পথৰ কালভাৰ্টৰে প্ৰবাহিত হৈ কালপানী নদীত পৰে ৷ তিনি বছৰ ধৰি কটাহীবাসী ৰাইজে জীয়াতু ভুগি স্থানীয় জনপ্ৰতিনিধি আৰু পঞ্চায়ত প্ৰতিনিধিক বাৰম্বাৰ কাকুটি মিনটি কৰিও মেৰামতি কৰিব নোৱাৰিলে পথ আৰু দলং ৷ উপায়ন্তৰ হৈ ৰাইজে বাঁহেৰে দলং এখন নিৰ্মাণ কৰি চলাচল কৰে যদিও প্ৰতিবছৰে বানপানীয়ে উটুৱাই নিয়ে বাঁহৰ দলংখন ৷ এতিয়া কন কন ছাত্ৰছাত্ৰী বিদ্যালয়লৈ যোৱাত অসুবিধাৰ সন্মুখিন হোৱাৰ উপৰিও অঞ্চলটিলৈ যাব নোৱাৰে জৰুৰীকালীন সেৱাৰ বাহন ৷ সেয়ে লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অঞ্চলটিৰ পুৰুষ মহিলা সকলে জনপ্ৰতিনিধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰে ৷

Leave A Reply