Breaking

উত্তৰকাশী সুৰংগৰ ৪১ জন শ্ৰমিকৰ উদ্ধাৰ অভিযান চূড়ান্ত পৰ্যায়ত…

0 180

উত্তৰকাশী সুৰংগ দুৰ্ঘটনাঃ উত্তৰকাশী সুৰংগত আবদ্ধ হৈ থকা ৪০ জন শ্ৰমিকৰ সাহায্য আৰু উদ্ধাৰ অভিযানৰ অন্তিম পৰ্যায়ৰ ওপৰত দৃষ্টি ৰাখিবলৈ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিং উপস্থিত উত্তৰকাশীৰ সুৰংগত। উদ্ধাৰ অভিযান চূড়ান্ত পৰ্যায়ত। এতিয়া মাত্ৰ শেষৰ পাইপৰে শ্ৰমিকসকলক বাহিৰলৈ অনাৰ কাম আৰম্ভ কৰা হ’ব। এই পাইপৰ ব্যাসাৰ্ধ ৮০ চে.মি., যাৰ মাজেৰে শ্ৰমিকসকলে খোজ কাঢ়ি সহজে ওলাই আহিব পাৰিব আৰু এন ডি আৰ এফৰ দলটোৱেও ভিতৰলৈ গৈ তেওঁলোকক নিৰাপদে আনিব পাৰিব।


কেন্দ্ৰীয় মন্ত্ৰী জেনেৰেল ভি কে সিং (অৱসৰপ্ৰাপ্ত) ৰাতিপুৱা প্ৰায় ১০.৩০ বজাত সেই স্থানত উপস্থিত হয়। ১২ দিনীয়া এই বৃহৎ অভিযানৰ অন্তিম পর্যায়ৰ নিৰীক্ষণৰ বাবে ইতিমধ্যে স্থানত উপস্থিত মুখ্যমন্ত্রী পূষ্কৰ সিং ধামী৷ ইফালে অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই পাইপৰ ভিতৰত প্ৰৱেশ কৰিছে এন ডি আৰ এফৰ জোৱানৰ এটা দল। ইতিমধ্যে সুৰংগটোৰ বাহিৰত উপস্থিত এম্বুলেন্স। শ্ৰমিকক উদ্ধাৰ কৰাৰ লগে লগে সেউজ কৰিড’ৰেৰে স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হ’ব। ইয়াত স্থানীয় চিকিৎসালয়ত ৪১খন বিচনা সংৰক্ষণ কৰা হৈছে। যদিহে শ্ৰমিকসকলৰ স্বাস্থ্য গুৰুতৰ হৈ পৰে তেন্তে তেওঁলোকক ঋষিকেশ এইমছলৈ লৈ যোৱা হ’ব।

Leave A Reply