Breaking

টংলাত পথ আৰু নলা উন্নয়নৰ দাবীত বিজুলীনগৰবাসীৰ বিক্ষোভ

0 38

ওদালগুৰি জিলাৰ টংলা পৌৰ সভাৰ ২ নং খণ্ডৰ টংলা ইলেক্ট্ৰিকেল চাৱ-ডিভিজন অফিচৰ নিকটৱৰ্তী এলেকাৰ ৰাইজে প্ৰতিটো বাৰিষাৰ সময়তে উপযুক্ত নলা-নৰ্দমা নথকা আৰু পথৰ দুৰৱস্থাৰ বাবে দুৰ্ভোগ ভূগি আহিছে ৷

নগৰখনৰ মাজেৰে যোৱা মঙলদৈ-ভূটিয়াচাং লোকনিৰ্মাণ বিভাগৰ মূল পথৰ সৈতে টংলা বৈদ্যুতিক উপ সংমণ্ডলৰ সৈতে সংযোগী পথচোৱা পকীকৰণৰ কাম আধৰুৱা কৰি থোৱাৰ উপৰি উপ পথটোৰ দুয়োকাষে কোনো উপযুক্ত নলাৰ ব্যৱস্থা নথকাত প্ৰতিটো বানপানীৰ সময়ত উপকণ্ঠ অঞ্চলটোৰ ৰাইজে কৃত্ৰিম বানপানীৰ সমস্যাৰ সন্মূখীন হৈ আহিছে ৷

টংলা পৌৰসভাই নগৰখনৰ নতুনকৈ বসতি স্থাপন কৰা বহু ঠাইত বাট-পথৰ উন্নয়নৰ কাম হাতত লৈছে যদিও এই বিজুলীনগৰ পুৰণি অঞ্চলটো আজিকোপতি উন্নয়নৰ কাম স্তব্ধ হৈ থকাত অঞ্চলটোৰ বাসিন্দাসকলে বুধবাৰে টংলা পৌৰসভাৰ কাৰ্যালয়ত সমবেত হৈ ৰাজহুৱাকৈ আবেদন জনাই বিজুলীনগৰবাসীৰ সমস্যা সমাধানৰ বাবে দাবী জনায় ৷

Leave A Reply