Breaking

অসম আৰক্ষীত অৱসৰপ্ৰাপ্ত সেনা বিষয়াক নিযুক্তি দিয়া হ’ব…

0 55

অসম পুলিচক অধিক সক্ষম, সষ্টম আৰু শাৰীৰিকভাৱে অধিক দক্ষ কৰি তুলিবলৈ ৩৪জন অৱসৰপ্ৰাপ্ত মেজৰ আৰু কৰ্নেলক নিযুক্তি দিয়া হ’ব৷

কেবিনেটে জনোৱা অনুমোদন অনুসৰি অৱসৰপ্ৰাপ্ত সেনা বাহিনীৰ বিষয়াসকলে বেটেলিয়নসমূহত প্ৰশিক্ষণ দিব৷ নিযুক্তি পাবলগীয়া অৱসৰপ্ৰাপ্ত সেনা বিষয়াসকলে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সমপৰ্যায়ৰ মৰ্যাদা লাভ কৰিব৷ এই অৱসৰপ্ৰাপ্ত সেনা বিষয়াসকলক অতিৰিক্ত আৰক্ষী অধীক্ষক [ প্ৰশিক্ষণ] হিচাপে নিযুক্তি দিয়া হ’ব আৰু তেওঁলোকে প্ৰশিক্ষণৰ সবিশেষ বিশেষ ডি আই জিক জনাব৷

কালি কেবিনেট বৈঠকত গ্ৰহণ কৰা এলানি সিদ্ধান্তৰ কথা ঘোষণা কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাই লগতে কয় যে ৰাজ্যত বিদ্যুৎ বিভাগত স্মাৰ্ট মিটাৰ সংযোগ কৰিলেও পুৰণা মিটাৰবোৰো বাহাল থাকিব। উল্লেখ্য যে স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পাছত বিদ্যুতৰ অত্যধিক বিলৰ বাবে গ্ৰাহক ৰাইজ অসন্তুষ্ট হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখিকেবিনেটে পুৰণি মিটাৰকো এমাহৰ বাবে বাহাল ৰাখিবলৈ বাধ্য হৈ পৰিল৷

এতিয়াৰে পৰা স্মাৰ্ট মিটাৰ সংস্থাপন কৰিলেও পুৰণি মিটাৰটোও বাহাল থাকিব৷ মিটাৰ ৰিডিং একে হ’লেহে পুৰণি মিটাৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে [এ পি ডি চি এল] উঠাই আনিব৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

Leave A Reply