অসমৰ উপ-লোকায়ুক্ত হিচাপে শপত গ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মাই…

আজি গুৱাহাটীৰ ৰাজভৱনত অসমৰ উপ-লোকায়ুক্ত হিচাপে নিযুক্তি লাভ কৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মাই। নিযুক্তি লাভ কৰি আজি শপত গ্ৰহণ কৰে ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মাই। উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নৱ নিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া শপত বাক্য পাঠ কৰোৱাই হিতেশ কুমাৰ শৰ্মাক।

হিতেশ কুমাৰ শৰ্মাৰ নিযুক্তিয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ শাসন ব্যৱস্থাৰ স্বচ্ছতাৰ দিশত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব বুলি দৃঢ় বিশ্বাসী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ অনুষ্ঠানটিত উপস্থিত থাকে অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়া আৰু কেইবাগৰাকীও গণ্য মান্য ব্যক্তি।

Related Articles