Breaking

হোজাইৰ বিশিষ্ট লেখিকা ৰেণুকা দেৱীৰ দ্বাৰা অনুদিত মণিপুৰী ভাষাত “শ্রী মদ্ভাগৱত গীতা” আৰু অসমীয়া ভাষাৰ “মহাকবি কালিদাস” নামৰ গ্ৰন্থৰ উন্মোচন

0 1,507

হোজাই, ১০ ডিচেম্বৰ : হোজাইৰ বিশিষ্ট লেখিকা ৰেনুকা দেৱীৰ দ্বাৰা মণিপুৰী ভাষাত অনুদিত “শ্রী মদ্ভাগৱত গীতা” আৰু শিশু সাহিত্য গ্ৰন্থ “মহাকবি কালিদাস” নামৰ অসমীয়া ভাষালৈ অনুবাদ কৰা দুখনি গ্ৰন্থ আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয়। হোজাই গৌৰনগৰ গাওঁত অৱস্থিত সংস্কৃত বেদ বিদ্যাপিঠৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটোৰ প্ৰথম কাৰ্যসূচী হিচাপে আমন্ত্ৰিত অতিথি সকলক আসন গ্ৰহণ কৰায়, ইয়াৰ পিছত মণিপুৰী সাহিত্য পৰিষদ নগাওঁ জিলা সমিতিৰ প্ৰাক্তন উপ সভাপতি লাইলুপ গোলাপদেৱৰ বন্তি প্ৰজ্জ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়।
অসম সাহিত্য সভা হোজাই জিলা সমিটিৰ উপ-সভাপতি তথা প্ৰাক্তন প্ৰধান শিক্ষক পদ্ম কান্ত নাথৰ সভাপতিত্বত অনুষ্টিত হোৱা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত ৰেনুকা দেৱীৰ পিতৃ তথা সংস্কৃত দেব বিদ্যাপিঠৰ প্ৰাক্তন অধ্যক্ষ খেলেম্বা শাস্ত্ৰী, অসম মণিপুৰী সাহিত্য পৰিষদ হোজাই জিলা সমিটিৰ সভাপতি তেনসুবম মণিহাৰ, উপ-সভাপতি পুখ্ৰম্বম কামিনী, অসম সাহিত্য সভা হোজাই জিলা সমিটিৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰ, ‘আকাশ’ উপ-সমিতিৰ আহ্বায়িকা পদ্মিনী দাউলাগুফু আদি অতিথি সকলে আসন অলংকৃত কৰে।
অনুষ্ঠানৰ উপস্থিত ব্যক্তিসকলে ৰেণুকা দেৱী শাস্ত্রীৰ প্রয়াসক একেমুখে প্রশংসা কৰে। অনুপ কুমাৰ বৰঠাকুৰে নিজৰ বক্তব্যত কয় যে মদ্ভাগৱত গীতা মণিপুৰী সংস্কৰন মণিপুৰী পাঠকসকলে মহান শ্রী মদ্ভাগৱত গীতাৰ দর্শন বুজাত তথা ধর্মৰ প্ৰতি অনুপ্রাণিত কৰাত সহায় কৰিব। তেওঁ আৰু উল্লেখ কৰি কয় যে অসমীয়া আৰু মণিপুৰী দুয়ো সাহিত্য, সমাজ, সংস্কৃতি আদিৰ বিষয়ে যুগসুত্ৰ বজাই ৰাখিবলৈ দুয়ো সাহিত্য সভাই কাম কৰি যাব লাগিব।
হোজাইৰ বিশিষ্ট লেখিকা ৰেনুকা দেৱীয়ে “শ্রী মদ্ভাগৱত গীতা” মণিপুৰী ভাষাত অনুবাদ কৰাৰ ওপৰিও “মহাকবি কালিদাস” নামৰ শিশু সাহিত্য গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰি দুয়ো ভাষাতে নিজৰ ৰুচিৰ পাৰদৰ্শী প্ৰতিপন্ন কৰে। ১৯৭৬ চনৰ ২ জুলাইত হোজাইৰ গৌৰনগৰ গাওঁত জন্ম গ্ৰহণ কৰা ৰেণুকা দেৱী বৰ্ত্তমান এগৰাকী পেছাদাৰী সংস্কৃত শিক্ষয়িত্ৰী। শৈশৱ কালৰে পৰা সমাজ সেৱা আৰু সাহিত্য চৰ্চাত মনোনিবেশ কৰা ৰেণুকা দেৱী অকল মণিপুৰী ভাষাতে নিজকে আবদ্ধ কৰি নাৰাখি অসমীয়া, হিন্দী আৰু সংস্কৃত ভাষাৰ সাহিত্য চৰ্চাত ব্ৰতী হৈ আহিছে। সাহিত্য জগতৰ বহুমুলীু্যা অৱদানৰ বাবে Kohinoor World Book of Record ৰ স্বীকৃতপ্ৰাপ্ত River and Woman (নদী আৰু নাৰী)এ সংস্কৃত ‘সমৰ্থভাৰতম’ৰ অধীনত ভাৰতৰত্ন বাবা চাহেব ড০ আম্বেদকাৰ ফেলোচিপ নেচনেল এৱাৰ্ড পুৰস্কাৰ প্ৰাপ্ত হয়। তেখেত পূৰ্বে ‘আইবা লুপ’ অসমৰ অধীনত ‘চম্লবী থম্মোয়’ (সৰল হৃদয়) নামৰ মণিপুৰী কাব্য গ্ৰন্থ প্ৰকাশ কৰিছে। উল্লেখ্য যে মণিপুৰী সাহিত্য পৰিষদ, হোজাই জিলাৰ অধীনত প্ৰকাশ পোৱা মণিপুৰী ভাষাৰ ‘শ্রী মদ্ভাগৱত গীতা’ বৃহত্তৰ অসমৰ প্ৰথমগৰাকী ব্যক্তি আৰু অসম সাহিত্য সভা, হোজাই জিলাৰ অধীনত শিশু সাহিত্য গ্ৰন্থ ‘মহাকবি কালিদাস’ নামৰ অসমীয়া গ্ৰন্থ দুখনি জনসাধাৰনে আদৰি ল’ব বুলি আশাবাদী লেখিকা গৰাকী।

Leave A Reply