Breaking

ইউনিচেফৰ সহযোগত জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাটত শিশুৰ পৰিপূৰক খাদ্য সম্পৰ্কীয় পৰ্যালোচনা সভা সম্পন্ন

0 2,027

ইউনিচেফৰ সহযোগত ৰাজ্যখনৰ ভিতৰতে প্ৰথম বাৰৰ বাবে যোৰহাট জিলাত আৰম্ভ কৰা ছমাহৰ পৰা 23 মাহৰ শিশু সকলৰ বয়স অনুুসৰি সৰ্বোত্তম পৰিপূৰক পুষ্টিকৰ খাদ্য আৰু খুওৱা পদ্ধতি সমূহৰ ওপৰত চলি থকা কাৰ্য্য সমূহৰ বিষয়ে প্ৰথম খন জিলা পৰ্যায়ৰ পৰ্যালোচনা সভা যোৱা 12 ফেব্ৰুৱাৰী তাৰিখে জিলা উপায়ুক্ত কাৰ্যালয়ৰ কনফাৰেন্স হলত অনুস্থিত হয়৷ এই প্ৰকল্পৰ অধীনত যোৰহাট জিলাৰ 6 মাহৰ পৰা 23 মাহৰ সমূহ শিশুৰ মাতৃ বা পৰিয়ালৰ লোক সকলক বয়স অনুযায়ী পৰিপূৰক খাদ্য খুওৱাৰ আচৰণ সমূহৰ ওপৰত অংগনবাদী কৰ্মী সকলৰ দ্বাৰা গৃহ পৰিদৰ্শন , অংগনবাদী কেন্দ্ৰ সমূহত মাহিলী পৰিপূৰক পোষণ দিৱস উদযাপন আৰু স্বাস্থ্য বিভাগৰ যোগেদি ভি.এইচ.এচ.এন.দি আদি সজাগতা মূলক কাৰ্য প্ৰণালীৰ যোগেদি বিস্তৃত ভাৱে অৱগত কৰা হ’ব৷ইউনিচেফৰ সহযোগত,জিলা উপায়ুক্তৰ নেতৃত্বত আৰু জিলা সমাজ কল্যাণ বিষয়াৰ তত্বাবধানত আৰম্ভ কৰা এই অভিযানে যাতে এশ শতাংশই সফলতা লাভ কৰিব পাৰে তাৰবাবে চলি থকা কাৰ্যপ্ৰণালী সমূহৰ খতিয়ান লোৱাৰ লগতে পিছৰ পৰ্যায়ৰ বাবে পৰিকল্পনা যুগুত কৰা হয়৷এই সভাত উপস্থিত থাকে জিলা উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাতী, অতিৰিক্ত উপায়ুক্ত তপন গোঁহাই, ইউনিচেফৰ ৰাজ্যিক বিষয়া গীতাশ্ৰী ফুকন, স্বাস্থ্য বিভাগৰ যুতীয়া সঞ্চালক ডা° অমৃত শইকীয়া, জিলা সমাজ কল্যাণ বিষয়া ৰাজ কুমাৰ কেডিয়া,ইউনিচেফৰ মাণ্ডলীক বিষয়া দিনেশ কুমাৰ সিং আৰু জিলা বিষয়া মানসী তিৱাৰীৰ লগতে স্বাস্থ্য আৰু সমাজ কল্যাণ বিভাগৰ কেইবাজনো বিষয়া আৰু প্ৰতিটো ব্লকৰ চুপাৰ ভাইজাৰ প্ৰতিনিধি সকল৷

Leave A Reply