গোলাঘাট জিলাৰ জল জীৱন মিছনৰ কামকাজৰ পৰ্যালোচনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দেৰগাঁওত গোলাঘাট জিলাৰ জল জীৱন মিছনৰ কামকাজৰ অগ্ৰগতি পৰ্যালোচনা কৰি বিভিন্ন বিষয়ত থকা অসুবিধা আঁতৰ কৰাৰ লগতে প্ৰতিটো বিষয়ৰ ওপৰত জন স্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকলৰ সৈতে আলোচনা কৰে।। এই সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সৈতে উপস্থিত থাকে কামাখ্যা প্ৰসাদ তাচা।গোলাঘাট জিলাৰ উপায়ুক্ত পি উদয় প্ৰবীন, উন্নয়ণ আয়ুক্ত ধীৰাজ দাস, জিলা দক্ষতা বিকাশৰ বিষয়া মতী প্ৰিয়ংকা কৌশিক, জিলা শিক্ষা বিষয়া ড. সমীৰণ বৰা লগতে বিষয়া সকল উপস্থিত থাকি নিজৰ বিভাগৰ খতিয়ান দাঙি ধৰে।

আনহাতে সভাত গোলাঘাট জিলা বিজেপি সভাপতি দেৱ প্ৰদীপ বৰা, ৰাজ্যিক সদস্য অনিমেষ শইকীয়া, যুৱ মৰ্চাৰ সভাপতি চন্দ্ৰজিত ঠাকুৰ উপস্থিত থাকে।

Related Articles