২২ ছেপ্টেম্বৰত ২৪৭৯টা গঁড়ৰ খৰ্গ দাহ কৰা হ’ব বোকাখাতত।বোকাখাতৰ ৰাজহুৱা খেলপথাৰত মুকলিকৈ জ্বলিব গঁড়ৰ খৰ্গ।এই কাৰ্যসূচীৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত চলিছে ব্যাপক প্ৰস্তুতি।দাহন কাৰ্যৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত ৬ টাকৈ গেছ চালিত চৌকা সংস্থাপন কৰা হৈছে।ৰাজ্যখনৰ কোষাগাৰত থকা ২,৬২৩ টা গঁড়ৰ খৰ্গ পুনৰীক্ষণ কৰাৰ পিছত তাৰে দাহ কৰিব ২,৪৭৯ টা খৰ্গ।আনহাতে মুঠ খৰ্গৰ পৰা ৯৪ টা গঁড়ৰ খৰ্গ সংৰক্ষণ কৰাৰ উপৰি ৰাজ্যৰ বিভিন্ন আদালতত গোচৰ চলি থকা ৫০ টা খৰ্গ সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিছে বন বিভাগে।বুধবাৰে “বিশ্ব গঁড় দিৱস”ৰ দিনা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বন্যপ্ৰাণী প্ৰতিৰক্ষা আইন ১৯৭২ৰ ৩৯ অনুচ্ছেদৰ অধীনত দাহ কৰা হ’ব এই খৰ্গসমূহ।ইতিমধ্যে দিল্লীৰ পৰা অনা হৈছে বিশেষ ড্ৰোণ,য’ত থাকিব বিস্ফোৰক সামগ্ৰী।ড্ৰোণৰ দ্বাৰা লোৰ কেৰাহিত কৰা হ’ব অগ্নিসংযোগ।

