Rice: ভাত ৰন্ধা আগতে চাউল ধুব লাগে নে নালাগে? ভাত ৰান্ধি থাকোঁতে এই ভুল কৰিলে বেমাৰত পৰিব!

চাউল ধোৱা আৰু ৰন্ধাটো এটা স্বাভাৱিক অভ্যাস, কিন্তু যদি আপুনি নাজানে যে কিছুমান কথা, তেন্তে এই লেখাটো আপোনাৰ বাবে।(Rice)

চাউল সকলোৰে অন্যতম প্ৰিয় শস্য। প্ৰতি ঘৰতে ভাত খোৱাৰ বাবে চাউল ৰন্ধা হয়। ইয়াৰ এটা কাৰণ হ’ল ভাত প্ৰস্তুত কৰাটো অতি সহজ।

যদিও বেছিভাগ মানুহে চাউল ৰন্ধাৰ আগতে পানীত ভালদৰে ধুই লয়, তথাপিও কিছুমান লোকে ভাত ৰন্ধাৰ পূৰ্বে চাউল নুধুৱে।

খাদ্য সুৰক্ষাৰ দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ-

চাউল ধুলে চাউলৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰি যায়। ব্ৰাউন বা বগা চাউলৰ পৰা আৰ্ছেনিক আঁতৰাবলৈ লাহে লাহে ধুব লাগে। চাউলখিনি উতলা পানীত পাঁচ মিনিট ৰাখি পানীখিনি পেলাই আকৌ ভাতখিনি স্বাভাৱিকভাৱে সিজাই ল’ব লাগে।

ভাত সিজোৱাৰ আগতে চাউল ভালদৰে ধুব লাগে। ইয়াৰ উপৰিও খাদ্য সুৰক্ষাৰ দৃষ্টিকোণৰ পৰাও ই নিৰাপদ। চাউলত থকা সৰু সৰু পোক-পৰুৱাবোৰো ধুই ভালদৰে পৰিষ্কাৰ কৰিব ল’ব লাগে চাউল খিনি।

Related Articles