২৩ জুন, ২০২৫:অসম চৰকাৰৰ RIDF (Rural Infrastructure Development Fund) আঁচনিৰ অধীনত ৭.৫ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এখন নতুন বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰা হ’ল চিচিবৰগাঁৱৰ চিচি চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত।
আজিৰ এই বিশেষ কাৰ্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু উপস্থিত থাকে। বিদ্যালয়খনৰ প্ৰাংগনত আয়োজিত অনুষ্ঠানত পাঁচ সহস্ৰাধিক স্থানীয় ৰাইজৰ উপস্থিতিত এক উল্লাসপূৰ্ণ পৰিৱেশৰ মাজত আধাৰশিলা স্থাপন কৰে বিধায়ক ভূৱন পেগুৱে, আৰু নাৰিকল ভাঙি শুভ সূচনা কৰে সাংসদ প্ৰদান বৰুৱাই।
এই অনুষ্ঠানত ধেমাজি জিলাৰ আয়ুক্ত ৰাহুল সুৰেশ জাভিৰ, বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা, স্থানীয় গণ্যমান্য ব্যক্তি, অভিভাৱক, শিক্ষক-শিক্ষিকা, ছাত্ৰ-ছাত্ৰী, লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি সকলে অংশগ্রহণ কৰে।
অনুষ্ঠানত বক্তাসকলে বিদ্যালয় ভৱন নিৰ্মাণৰ এই পদক্ষেপে চিচিবৰগাঁও অঞ্চলত শিক্ষাৰ মানোন্নয়ন আৰু পৰিকাঠামোগত উন্নয়নত এক মাইলৰ খুটি ৰূপে কাম কৰিব বুলি অভিমত প্ৰকাশ কৰে। সাংসদ আৰু বিধায়ক গৰাকীয়ে বিদ্যালয়খনৰ ইতিহাস, ছাত্ৰসকলৰ অধ্যয়নৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহ উল্লেখ কৰি কয় — “এই নতুন ভবনে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰিব।”
উল্লেখযোগ্য যে এই আঁচনিখনৰ সফল ৰূপায়ণৰ পিছত বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীসকলে আধুনিক পৰিৱেশত পঢ়াৰ সুবিধা লাভ কৰিব।
এই আধাৰশিলা স্থাপনৰ লগে লগে চিচিবৰগাঁওত শিক্ষা-অৱকাঠামো উন্নয়নৰ এক নতুন অধ্যায় আৰম্ভ হ’ল।