Right Time to Eat Food in Night: প্ৰতিনিশা ৯ বজাৰ পিছত ৰাতিৰ আহাৰ গ্ৰহণ কৰে নেকি, জানি লওক শৰীৰত কেনে প্ৰভাৱ পৰে?

আপুনিও আপোনাৰ ব্যস্ত জীৱনশৈলীৰ বাবে প্ৰতিদিনে নিশা ৯ বজাৰ পিছত(Right Time to Eat Food in Night) ৰাতিৰ আহাৰ গ্ৰহণ কৰে নেকি? আজিকালি বেছিভাগ মানুহেই ৰাতিৰ আহাৰ দেৰিকৈ খায়। প্ৰতিদিনে নিশা ৯ বজাৰ পিছত ৰাতিৰ আহাৰ খালে আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে পেলায় জানো আহক।

পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে বেছিভাগ মানুহেই গভীৰ নিশা ৰাতিৰ আহাৰ গ্ৰহণ কৰে। ৰাতিৰ আহাৰ দেৰিকৈ খোৱাটোৱে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। ৰাতিৰ আহাৰ সোনকালে নোখোৱাৰ বাবে টোপনিৰ ক্ষতিও হয়।

আধুনিক জীৱনশৈলীত গভীৰ নিশালৈকে কাম কৰা, ছ’চিয়েল মিডিয়াত ব্যস্ত বা দেৰিকৈ ঘৰ সোমোৱাটো সাধাৰণ হৈ পৰিছে। ইয়াৰ বাবেই বহুতে ৰাতি ৯ বজাৰ পিছত বা তাৰ পিছতো ৰাতিৰ আহাৰ খায়। কিন্তু গভীৰ নিশা ৰাতিৰ আহাৰ খোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পৰে জানেনে-

প্ৰতিদিনে নিশা ৯ বজাৰ পিছত ৰাতিৰ আহাৰ গ্ৰহণ কৰিলে স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পৰে জানো আহক-

আচলতে ৰাতিৰ সময়ত বিপাকীয় ক্ৰিয়া দিনৰ দৰে দ্ৰুত নহয়। গতিকে ৰাতি দেৰিকৈ খালে খাদ্য হজম কৰিবলৈ অধিক কষ্ট কৰিব লগা হয়, যাৰ ফলত বদহজম, গেছ, এচিডিটি আৰু পেট ফুলা হ’ব পাৰে।

ৰাতি দেৰিকৈ খাদ্য খোৱা লোকৰ মেদবহুলতাৰ আশংকা বেছি। কাৰণ ৰাতি কেলৰি জ্বলি নাযায় আৰু শৰীৰে ইয়াক জমা কৰি ৰাখে। ইয়াৰ উপৰিও পলমকৈ খাদ্য খোৱাৰ পিছত শুলে শৰীৰত ইনচুলিন প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায়, যাৰ ফলত ডায়েবেটিছ আৰু বিপাকীয় বিকাৰৰ সৃষ্টি হ’ব পাৰে।

ৰাতিৰ আহাৰ খোৱাৰ লগে লগে শুলে পেটটো গধুৰ অনুভৱ হয় আৰু টোপনি বাধা দিয়ে। লগতে এচিড ৰিফ্লাক্সৰ সমস্যাও হ’ব পাৰে, যাৰ ফলত বুকুত জ্বলন পুৰন আৰু অস্বস্তিৰ সৃষ্টি হয়। ভাল টোপনিৰ বাবে খাদ্য খোৱা আৰু শোৱাৰ মাজত কমেও ২-৩ ঘণ্টাৰ ব্যৱধান থাকিব লাগে।

ৰাতিৰ আহাৰ সন্ধিয়া ৬:৩০ৰ পৰা ৭:৩০ বজাৰ ভিতৰত খাব লাগে। ইয়াৰ ফলত আপোনাৰ শৰীৰে খাদ্য হজম কৰিবলৈ পৰ্যাপ্ত সময় পাব আৰু ৰাতিও ভাল টোপনিও পাব।

Related Articles