Rimpi Buragohain: ৱৰ্ল্ড পুলিচ মীটত ৰিম্পী বুঢ়াগোহাঁইৰ দ্বিতীয়টো সোণৰ পদক

ডিজিটেল ডেস্কঃ Rimpi Buragohain অসমৰ গৌৰৱ ৰিম্পী বুঢ়াগোহাঁইয়ে ৱৰ্ল্ড পুলিচ এথলেটিকছ চেম্পিয়নশ্বিপ ২০২৪ত দ্বিতীয়টো সোণৰ পদক নিজৰ নামেৰে সংৰক্ষণ কৰিবলৈ সক্ষম হৈছে।

লং জাম্পত স্বৰ্ণপদক জয় কৰাৰ পাছত, ৰিম্পীয়ে ত্ৰিপল জাম্পত আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াই দ্বিতীয়টো সোণৰ পদক লাভ কৰে।

এই প্ৰতিযোগিতা আমেৰিকাৰ আলাবামা ৰাজ্যৰ বাৰ্মিংহাম চহৰত ২৭ জুনৰ পৰা ৬ জুলাই লৈ অনুষ্ঠিত হৈছে। ৰিম্পী বুঢ়াগোহাঁইয়ে অসম ৰাইফলছৰ প্ৰতিনিধিত্ব কৰি এই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৰিম্পীয়ে সৰ্ব ভাৰতীয় পুলিচ এথলেটিকছ চেম্পিয়নশ্বিপত ৬.৩৪ মিটাৰ লং জাম্প কৰি সোণৰ পদক অৰ্জন কৰাৰ লগতে এটা নতুন ৰেকৰ্ডো গঢ়িছিল।

ৰিম্পীৰ এই অসাধাৰণ সফলতাই ৰাজ্যবাসীৰ লগতে দেশবাসীকো গৌৰৱান্বিত কৰিছে।

Related Articles