Breaking

আমিনগাঁও ৰাজপথত টেক্টৰ চলাই খেতিয়কক উৎসাহিত কৰিলে ৰিণিকি ভূঞা শৰ্মাই…

0 32

এতিয়াৰে পৰা মধ্যভোগী দালালৰ বিপৰীতে চৰকাৰৰ কৃষি বিভাগৰ ওচৰত পোনপটীয়াকৈ সঠিক মূল্যত সৰিয়হ বিক্ৰী কৰি লাভৱান হোৱাৰ পথ সুগম হ’ল কৃষকৰ। যিটো নেকি ৰাজ্যৰ কৃষক সকলৰ বাবে সু-খবৰ । তাৰে অংশ হিচাপে বৃহস্পতিবাৰে জালুকবাৰী সমষ্টিৰ কৃষি গোটৰ পৰা বুজন পৰিমাণৰ সৰিয়হ ক্ৰয় কৰে ৰাজ্যৰ কৃষি বিভাগে । চাংসাৰীৰ আঠিয়াবৈৰ “আকাংক্ষা কৃষি গোট”ৰ পৰা ৩০০ কুইণ্টল সৰিয়হ কালি ৰাজ্যিক কৃষি বিভাগে ক্ৰয় কৰি আমিনগাৱৰ চৰকাৰী ভৰাল ঘৰত জমা ৰাখে।ৰাজ্য চৰকাৰে কৃষক সকলৰ প্ৰতি কুইন্টল সৰিয়হৰ বাবদ চৰকাৰে মূল্য নিৰ্ধাৰণ কৰিছে ৫৬৫০/- টকা । মধ্যভোগী বেপাৰীয়ে প্ৰতি কুইন্টল সৰিয়হৰ বাবদ দিয়া ৪২০০ টকাৰ বিপৰীতে এইবাৰ অধিক মূল্যত সৰিয়হ বিক্ৰী কৰি উৎসাহিত হৈ পৰিছে কৃষক সকল।

মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাৰ বাবে ৰাজ্যৰ কৃষক সকলে এতিয়াৰে পৰা মাজত কোনো মধ্যভোগী নথকাৰ বাবে উচিত মূল্য লাভ কৰিবলৈ সক্ষম হব।। আঠিয়াবৈৰ কৃষক ৰাইজে সদৰি কৰা মতে এইবাৰ আঠিয়াবৈ পথাৰৰ প্ৰায় ২০০ বিঘা ভূমিত সৰিয়হৰ লগত সমান্তৰাল ভাৱে মৌ পালন কৰি সৰিয়হৰ উৎপাদন ২০ শতাংশ বৃদ্ধি কৰিবলৈ সামৰ্থ্য হৈছে । আৰু এই মৌ যোগান ধৰিছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই । আজি চাংসাৰীৰ পৰা ৮ খন টেক্টৰৰে আমিনগাঁও লোক নিৰ্মাণ বিভাগৰ অতিথিশালালৈ অনা হয় সৰিয়হ খিনি । পিছত Pride East entertainment pvt ltd সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই নিজে টেক্টৰ চলাই কৃষক সকলক উৎসাহিত কৰে । আমিনগাও লোক নিৰ্মাণ বিভাগৰ অতিথি শালাৰ পৰা উক্ত সৰিয়হ খিনি আমিনগাও চৰকাৰী ভৰাল ঘৰলৈ অনা হয় । উক্ত স্থানতে কৃষি বিভাগে চৰকাৰী নিয়মত সৰিয়হ খিনি আত্মসহায়ক গোটৰ পৰা নিৰ্ধাৰিত মূল্যত ক্ৰয় কৰে কৃষি বিভাগে । সৰিয়হ ক্ৰয়ৰ লগত সংগতি ৰাখি কৃষি বিভাগে এখন সভাৰো আয়োজন কৰে । সভাত কৃষি বিভাগৰ বাণিজ্য পৰিদৰ্শক অপূৰ্ব দাস , বিজেপিৰ ৰাজ্যিক কৃষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য্য, কৃষি সম্প্ৰসাৰণ বিষয়া ৰমণী কান্ত কলিতাৰ লগতে আঠিয়াবৈৰ জ্যেষ্ঠ কৃষক সকল উপস্থিত আছিল।

মুখ্যমন্ত্ৰী পত্নীয়ে জ্যেষ্ঠ কৃষক সকলক গামোচাৰে সম্বৰ্ধনা জনাই কৃষক সকলে কৃষিৰ মাধ্যমেৰে কৰি অহা সেউজ বিপ্লৱৰ শলাগ লোৱাৰ লগতে অনাগত দিনত তেখেতে কৃষক সকলক সহায় সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে।

Leave A Reply