মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান ৰিপুন বৰাৰ। ক’ত হেৰাল অসম পুলিচ…

তৃনমূলৰ নেতা তথা প্ৰাক্তন কংগ্ৰেছী ৰিপুন বৰাই এইবাৰ প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক। ৰিপুন বৰাই জিগনেশ মেৱানী পৱন খেড়াক গ্ৰেপ্তাৰ কৰিবলৈ উঠিপৰি লগাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ এগৰাকী বিধায়কে অসমবাসীক অপমানসূচক মন্তব্য কৰাৰ পিছতো নীৰবে কিয় আছে বুলি প্ৰশ্ন কৰে। বৰাই বাল্যবিবাহৰ নামত নিশাটোৰ ভিতৰত হাজাৰ হাজাৰ নাবালিকাৰ স্বামীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা অসম পুলিচ এতিয়া ক’ত বুলি কটাক্ষ কৰে।

ৰিপুন বৰাই বিধান সভাত অমাৰ্জিত শব্দ প্ৰয়োগেৰে আন ৰাজ্যক আঘাত কৰিলে লগে লগে শুধৰাই দিয়াৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ বুলি উল্লেখ কৰি থলুৱাক বুলড’জাৰ চলোৱা আৰক্ষী শুই আছে নেকি প্ৰশ্ন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰিপুন বৰাৰ ভাষ্যক কেনেদৰে গ্ৰহন কৰে সেয়া সময়ত পোহৰলৈ আহিব।

Related Articles