‘ঋষভ পন্ত ভাৰতৰ গৌৰৱ, আমি সকলোৰে প্ৰাৰ্থনা কৰোঁ…’, ঋষভ পন্তক লৈ চিন্তিত উৰ্বশী ৰাউটেলা…

শেহতীয়াকৈ মুম্বাই বিমানবন্দৰত দেখা গ’ল উৰ্বশী ৰাউটেলাক। এই সময়ত ৰঙা ৰঙৰ স্প’ৰ্টছ ৱেৰ পিন্ধি দেখা গৈছিল। পাপৰাজীয়ে তেওঁক ঋষভ পন্তৰ বিষয়ে বহু প্ৰশ্ন কৰে।

তেওঁৰ প্ৰাক্তন প্ৰেমিকা তথা বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাউটেলাক মুম্বাই বিমানবন্দৰত দেখা গৈছিল। পাপৰাজীয়ে তেওঁক ঋষভ পন্তৰ বিষয়ে সুধিলে। উত্তৰ দি উৰ্বশীয়ে তেওঁক দেশৰ গৌৰৱ বুলি অভিহিত কৰে। তেওঁ ক’লে যে মই তেওঁৰ বাবে প্ৰাৰ্থনা কৰোঁ।

উৰ্বশীৰ এই বক্তব্যৰ পিছত মানুহৰ প্ৰতিক্ৰিয়া আহিবলৈ আৰম্ভ কৰিছে। বহুতে কমেণ্ট বক্সত উৰ্বশীক ট্ৰল কৰিবলৈ আৰম্ভ কৰিছে। ঋষভ পণ্টৰ নাম লৈ উৰ্বশীয়ে নিজৰ জনপ্ৰিয়তা বঢ়াব বিচাৰে বুলি অনুৰাগীয়ে মন্তব্য কৰে।

Related Articles