Breaking

বাঙ্গালুৰুলৈ সংস্থাপন বিচাৰি যোৱা তিতাবৰৰ মোহনাটিং বৰুৱাবাৰীৰ যুৱক ৰিতুপন ৰাজখোৱা সন্ধানহীন

0 89

তিতাবৰ আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম তিতাবৰৰ মোহনাটিং বৰুৱাবাৰী গাঁৱৰ ৰিতুপণ ৰাজখোৱা নামৰ ৩৯ বছৰ বয়সৰ এজন ব্যক্তি পাঁচদিনে নিৰুদ্দেশ।

যোৱা ৯ ফেব্ৰুৱাৰীত কোম্পানীত সংস্থাপন বিচাৰি বাঙ্গালুৰুলৈ গৈছিল যদিও অজ্ঞাত কাৰণত কোম্পানীত যোগদান নকৰি যোৱা ১৪ ফেব্ৰুৱাৰীত বাঙ্গালুৰুৰ পৰা মৰিয়নি অভিমুখী ১২৫০৯ এছ এফ এক্সপ্ৰেছ ট্ৰেইনত ঘৰলৈ আহি থকা অৱস্থাত বিজয়ৱাৰা জংচন আৰু ৰাজাহাণ্ড্ৰি ষ্টেচনৰ মাজত থকা কাইক্ৰাম ষ্টেচনৰপৰা নিখোজ হয় বুলি পৰিয়ালটোৱে জানিবলৈ দিছে।

১৪ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ পৰা ফোনৰ চুইচ্ অফ হৈ থকা আৰু বিগত পাঁচদিনে সন্ধানহীন আৰু শেহতীয়াকৈ মানসিক ভাৱে ভাৰসাম্যহীন হৈ থকা যুৱকজনৰ মাতৃ, পত্নী, দুগৰাকী কন্যাৰ লগতে ককাই-ভাই, আত্মীয় -কুটুম্বসহ ওচৰ-চুবুৰীয়া চিন্তিত হৈ পৰিছে।

ইতিমধ্যে যুৱকজন নিৰুদ্দেশ হোৱা সন্দৰ্ভত মৰিয়নি জংচনৰ আৰ পি এফ থানা, তিতাবৰ সদৰ আৰক্ষী থানা আৰু যোৰহাট জিলা আৰক্ষী অধীক্ষকক যুৱকজনৰ জ্যেষ্ঠ ভ্ৰাতৃ বিতুপন ৰাজখোৱাই লিখিত অভিযোগ দাখিল কৰিছে বুলি জানিবলৈ দিয়াৰ লগতে পিন্ধনত ৰঙা স্পৰ্টিং, মটিয়া ৰঙৰ লংপেণ্ট আৰু হাৱাই চেণ্ডেল পৰিহিত যুৱকজনৰ  কোনো লোকে সন্ধান পালে ফোন +91 81338 71081 নম্বৰত অথবা আৰক্ষী থানাত জনাবৰ বাবে পৰিয়ালটোৱে অনুৰোধ জনাইছে।

-প্ৰসেনজিৎ ৰাজখোৱা, তিতাবৰ

Leave A Reply