ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে ৰিয়ান পৰাগৰ নিযুক্তি: অসমৰ বাবে গৌৰৱৰ ক্ষণ । Riyan Parag

গুৱাহাটী, ২০ মাৰ্চ: Riyan Parag । অসম আৰু অসমবাসীৰ বাবে ক্ৰীড়াজগতৰ পৰা আহিল আন এক গৌৰৱময় খবৰ। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল) ২০২৫ চিজনৰ আৰম্ভণিতে ৰাজস্থান ৰয়েলছ দলে দলৰ প্ৰথম তিনিখন মেচৰ বাবে অসম সন্তান ৰিয়ান পৰাগক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰিছে। দলটোৰ নিয়মিত অধিনায়ক সঞ্জু ছেমছন সম্পূৰ্ণৰূপে সুস্থ নহয় বুলি জনাই, এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

সঞ্জু ছেমছন আঙুলিৰ আঘাতৰ পৰা সম্পূৰ্ণভাৱে আৰোগ্য লাভ নকৰাৰ বাবে, তেওঁক প্ৰথম তিনিখন মেচত কেৱল বেটাৰ হিচাপে খেলোৱা হ’ব। এই সময়ছোৱাত অধিনায়কৰ দায়িত্ব পালন কৰিব ৰিয়ান পৰাগে।

ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ দলে ২৩ মাৰ্চত হায়দৰাবাদত সানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে প্ৰথমখন মেচ খেলিব। তাৰ পাছত ২৬ মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে আৰু ৩০ মাৰ্চত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে খেলিব।

ৰিয়ান পৰাগৰ অধিনায়ক হিচাপে নিযুক্তি অসমবাসীৰ বাবে গৌৰৱৰ বিষয়। তেওঁৰ নেতৃত্বত ৰাজস্থান ৰয়েলছৰ সফলতা কামনা কৰি সমগ্ৰ অসমবাসীয়ে আশাবাদী।

Related Articles