Breaking

বোকাখাতৰ কাজিৰঙাৰ গেলেকীত নিশা পথ দুৰ্ঘটনা : এজন নিহত, ছয়জন আহত

0 2,032

বোকাখাতৰ কাজিৰঙাৰ গেলেকী এন আৰ এল পেট্ৰল পাম্পৰ সমীপত কালি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাটোত এজন নিহত হোৱাৰ লগতে আন ছয়জন লোক গুৰুতৰভাৱে আহত হয় ৷ এখন মাৰুটি ৮০০ আৰু টাটা চুম’ৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত দুয়োখন বাহনৰে সাতজনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷ দুয়োখন গাড়ীৰ মুখামুখি সংঘৰ্ষৰ পাছত চুচৰি গৈ বিদ্যুৎ পৰিবাহী এটা ট্ৰেন্সফৰ্মাৰত প্ৰচণ্ড খুন্দা মাৰে ৷ দুৰ্ঘটনাটোত ট্ৰেন্সফৰ্মাৰটোৰ বিস্তৰ ক্ষতি সাধন হোৱাৰ ফলত পুৱা পৰ্যন্ত অঞ্চলটোত বিদ্যুৎ সেৱা ব্যাহত হৈ থাকে ৷ গুৱাহাটীৰ দিশৰ পৰা গৈ থকা এ এচ ০৩ বিচি ৬৬২০ নম্বৰৰ টাটা চুমখনত আছিল বহুকেইজন চি আই এচ এফৰ জোৱান ৷ আনহাতে গুৱাহাটীৰ দিশলৈ আহি থকা এন এল ০২ চি ৩৫৭০ নম্বৰৰ মাৰুতী গাড়ীখনত আছিল সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ গোলাঘাট জিলা সমিতিৰ চাৰিজন কৰ্মী ৷ দুৰ্ঘটনাত চি আই এচ এফৰ গাড়ী চালক জীতেন মাল, জোৱান সঞ্জীৱ মৰাং আৰু আমাল নামৰ তিনি জোৱান আহত হোৱাৰ বিপৰীতে মাৰুটি ৮০০ খনত থকা ছাত্ৰ সংগঠনটোৰ বিকোদৰ কিচকু, সুৰজ বাস্কে, জ্ঞানদ্বীপ চাওতাল আৰু মিণ্টু হাজদাও গুৰুতৰভাৱে আহত হয় ৷ আহত আটাইকে বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ কিন্তু অতি গুৰুতৰভাৱে আহত জ্ঞানদ্বীপ চাওতাল যোৰহাট মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে ৷ জানিব পৰা মতে অহা ১২, ১৩ আৰু ১৪  মাৰ্চত সৰুপথাৰত সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ হ’ব লগা ৰাজ্যিক অধিৱেশনৰ কামত ব্যস্ত থকা গোলাঘাট জিলা সমিতিৰ বিষয়ববীয়া আৰু সদস্য কেইগৰাকীয়ে সংগঠনৰ কামত নগাঁও দিশে গৈ থকা অৱস্থাতেই কাজিৰঙাৰ গেলেকীত এই শোকাৱহ দুৰ্ঘটনাতো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত নিহত হোৱা জ্ঞানদ্বীপ চাওতালৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে ৷

Leave A Reply