Breaking

বৰপথাৰত পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন

0 61

সোমবাৰে সন্ধিয়া প্ৰায় পাঁচ মান বজাত বৰপথাৰ নগৰত সংঘটিত হয় এক পথ দুৰ্ঘটনা। বৰপথাৰ নগৰৰ বৰপথাৰৰ New MBH Hotel ৰ সমীপত এখন মটৰ চাইকেল আৰু ই-ৰিক্সাৰ মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত দুজন লোক।

দুৰ্ঘটনাত আহত হোৱা TVS VICTOR বাইক চলাই অহা আৰোহীজন আৰু ই-ৰিক্সাৰ চালকজনক স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

উল্লেখ্য যে বৰপথাৰ নগৰত তীব্ৰগতিত চলোৱা বাইক, গাড়ীৰ বাবেই এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰাত এতিয়া বৰপথাৰৰ সচেতন মহল চিন্তিত হৈ পৰিছে।

ইপিনে আৰক্ষী প্ৰশাসনক দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পোৱা দ্ৰুতবেগী বাইক তথা গাড়ীৰ সন্ত্ৰাসৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ লগতে ডিভাইডাৰৰ সমূহৰ সংযোগ স্থলীত স্পীড ব্ৰেকাৰ আৰু উপযুক্ত সুৰক্ষা চিহ্ন স্থাপন কৰিবলৈ দাবী তুলে স্থানীয় ৰাইজে।

-মাধুৰ্য কোঁৱৰ, বৰপথাৰ

Leave A Reply