চাপৰৰ হাতীপোতাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা। প্ৰায় ৪০জন যাত্ৰী আহত…

চাপৰৰ হাতীপোতাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী আল্ট্ৰাবাছে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়াই ৰাস্তাৰ কাষত বাগৰি পৰে। এই দুৰ্ঘটনাৰ ফলত গুৰুতৰ ভাৱে আহত শিশু সহ প্ৰায় ৪০জন যাত্ৰী। যাত্ৰীবাহী বাছখন বৰপেটাৰ পৰা ধুবুৰী অভিমুখে গৈ আছিল। আহত সকলক প্ৰথম অৱস্থাত চাপৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও ইয়াৰে কেইবাগৰাকী যাত্ৰীৰ অবস্থা সংকটজনক বাবে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।

উক্ত দুৰ্ঘটনাটো তীব্ৰ বেগ আৰু বৰষুণৰ ফলত হোৱাৰ আশংকা যাত্ৰীসকলৰ। ঘটনাস্থলীত শালকোচা আৰক্ষী উপস্থিত হৈ গুৰুতৰ ভাৱে আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Related Articles