Road Accident: সুৰাপায়ী চালকে মহতিয়াই নিলে পকী দেৱাল, কথমপি প্ৰাণৰক্ষা কেইবাটাও পৰিয়ালৰ!

কঠোৰ যান-বাহন আইনৰ মাজতে বুধবাৰে নিশা নাজিৰাত সুৰাপায়ী চালকৰ তাণ্ডৱ।(Road Accident) নাজিৰা গড় আলীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। গড় আলী মেকিপুৰ সংযোগী টাৰ্নিং পইণ্টত এই দুৰ্ঘটনাৰ সূত্ৰপাত হয়। স্থানীয় ৰাইজৰ অভিযুগ অনুসৰি AS 04 AB 3676 নম্বৰৰ ব্যক্তিগত তীব্ৰবেগী বাহন চালকৰ অতপালি।

সুৰাপায়ী চালকে মহতিয়াই নিলে পকী দেৱাল, কথমপি প্ৰাণৰক্ষা বহু কেইটা পৰিয়ালৰ। যদিও ঘটনাটোত কোনো লোক হতাহতি হোৱা নাই। আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বাহন চালক বৰ্তমান পলাতক বুলি জানিব পৰা গৈছে| যাক লৈ অঞ্চলজুৰি উত্তেজনা অব্যাহত আছে।

Related Articles