কালি নিশা (Road Accident) তেজপুৰৰ নিকটৱৰ্তী শিৱ মন্দিৰৰ সমীপত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত নিহত হয় দুজন যুৱক। প্ৰাপ্ত তথ্য অনুসৰি, শুক্ৰবাৰে নিশা প্ৰায় ১০ বজাত ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুঠিমাৰী আৰক্ষী চকীৰ অন্তৰ্গত
শিৱ মন্দিৰৰ ওচৰত সংঘটিত হয় এই দুৰ্ঘটনা।
AS 12 AL 0712 নম্বৰৰ মটৰ চাইকেলেৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দিশৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে দুয়োকে মহতিয়াই লৈ যায়। দুৰ্ঘটনাত তেজপুৰৰ ২৫ বছৰীয়া আকাশ বনিয়া নামৰ যুৱকজন ঘটনাস্থলীতেই নিহত হয় আৰু লগত থকা পৱিত্ৰ নাথ নামৰ ২৬ বছৰীয়া যুৱকজনক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল।
পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ সময়তে পথতেই মৃত্যুবৰণ কৰে। এই দুৰ্ঘটনাত সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।।

