চৰাইদেউ জিলাত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা, চিন্তিত সচেতন মহল

চৰাইদেউ জিলাৰ বিভিন্ন স্থানৰ লগতে বিশেষকৈ জিলাখনৰ মাহমৰা, সোণাৰি আৰু মৰাণ নগৰৰ মাজেদি যোৱা ধোদৰ আলিত দিনকদিনে বৃদ্ধি পাইছে পথ দুর্ঘটনাৰ সংখ্যা । যানবাহন আইনক ভৰিৰে মােহাৰি চালকৰ কোনাে অনুজ্ঞাপত্ৰ নােহােৱা একাংশৰ মইমতালিৰ বাবে প্রতিদিনে  সংঘটিত হবলৈ ধৰিছে দুর্ঘটনা । দুর্ঘটনাত যোৱা এটা মাহৰ ভিতৰতে কেবাজন লােকে মৃত্যুক আঁকোৱালি লৈছে আৰু কেইবাজনো লোক চিকিৎসাধীন হোৱাৰ বিপৰীতে বহুকেইজনে পংগুত্ব জীৱনক আঁকোৱালি লবলগীয়া হৈছে । জিলাখনৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত দুর্ঘটনা সমূহে স্থানীয় ৰাইজক আতংকিত কৰি তুলিছে । দুর্ঘটনাৰ মূল কাৰণ তীব্র বেগত  গাড়ী চলােৱা , যানবাহন আইনক বুঢ়া আঙুলি দেখুৱাই বিপৰীত দিশেৰে গাড়ী চলােৱা , যতে মন যায় তাতে গাড়ী পার্কিং কৰি ৰখা , চালকৰ অনুজ্ঞাপত্ৰ নথকাকৈ গাড়ী চলােৱা , ১৮ বছৰৰ তলৰ কণ কণ কিশােৰৰ গাড়ী চলােৱা , ডাম্পাৰৰ অবাধ চলন , দিনে – নিশাই ৫০ – ১০০ ডাম্পাৰ তীব্র বেগত ৰাজপথেৰে চলি থকা , পথৰ দুয়োকাষে অবৈধভাৱে দোকান বজাৰ বহুওৱা আদি ইত্যাদি । চৰকাৰৰ এটা বিয়াগােম পৰিবহণ বিভাগ থকাৰ পাছতাে যদি এই ধৰণে নীতি নিয়মক একাংশ লােকে বুঢ়া আঙুলি দেখুৱাই যি মন যায় তাকে কৰি আছে , যাৰ পৰিণতিত সংঘটিত হােৱা দুর্ঘটনাবােৰে – বহু লােকৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনে । স্থানীয় ৰাইজে এই পথ দুর্ঘটনাসমূহৰ মূল কাৰণসমূহ নিয়ন্ত্রণ কৰি দুর্ঘটনাসমূহ হ্রাস কৰিবলৈ দাবী জনাই আহিছে যদিও বিয়াগােম পৰিবহণ বিভাগটোৱে দুৰ্ঘটনাৰ মূল কাৰণসমূহ  নিয়ন্ত্রণ কৰিব নােৱাৰে । দিনে নিশাই জে চি বি ডাম্পাৰসমূহ চলি থকা , চালকৰ অনুজ্ঞাপত্ৰ নথকা কম বয়সীয়া যুৱকৰ দ্বাৰা টাটা মেজিকসমূহ চলােৱা আদি  ঘটনাসমূহক আচৰিত বুলি মন্তব্য কৰিছে অঞ্চলটোৰ ৰাইজে  । এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে বহু লােকক দুর্ঘটনাত হেৰুৱাব লগা হ’ব বুলি ৰাইজে  মন্তব্য কৰিছে । অনতিপলমে দুর্ঘটনা নিয়ন্ত্ৰণৰ উপযুক্ত পদক্ষেপ গ্রহণ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে ভুক্তভোগী ৰাইজে।

Related Articles