Road Condition in Dhekiajuli: দলগাঁও-ঢেকিয়াজুলী সংযোগী অসম মালা পথৰ জৰাজীৰ্ণ অৱস্থা, জনসাধাৰণৰ তীব্ৰ ক্ষোভ

এসময়ত বৃহত্তৰ দলগাঁও, কৌপাটি, শিলবৰী, (Road Condition in Dhekiajuli) ফটাশিমুলো,বৰছলা, ভাঙামন্দিৰ আদি অঞ্চলৰ লোকসকলৰ মাজত আশা আৰু সপোনৰ সঁজুলি হৈ অহা অসম মালা পথটো এতিয়া হতাশাৰ প্ৰতীক হৈ পৰিছে। এই পথটোৰ নিৰ্মাণৰ উদ্দেশ্য আছিল অঞ্চলটোৰ উন্নয়ন আৰু যোগাযোগ সুদৃঢ় কৰি ব্যৱসায়-বাণিজ্যক গতি দিয়া। কিন্তু বৰ্তমান পথখনৰ অৱস্থা ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টিৰ লগতে অজস্ৰ প্ৰশ্নৰ জন্ম দিছে।

বহুদিন আগতে দলগাওঁ-ঢেকিয়াজুলি সংযোগী অসম মালা পথ খনৰ অসম চৰকাৰৰ নিয়ম-নীতি আৰু নিবিদা অনুসৰি কেইজনো ঠিকাদাৰে এই পথখনৰ কাম ভাগ-ভাগ কৰি আৰম্ভ কৰিছিল। কিছুমানে নিজৰ দায়িত্ববোধৰ পৰিচয় দি নিজে পোৱা পথৰ কাম খিনি সম্পূৰ্ণ কৰি ৰাইজৰ মনোবল বৰ্ধাইছিল। কিন্তু দুয়ো-এজন ঠিকাদাৰৰ অসতর্কতা আৰু নিৰ্মাণৰ নিম্নমানৰ বাবে বৃহৎ অংশ বৰ্ষাৰ পানীত জহি খহি গৈছে। বহু প্ৰতিবাদ, অভিযোগ আৰু সংবাদ প্ৰকাশৰ পিছতো ঠিকাদাৰৰ নিৰ্লিপ্ততা আৰু বিভাগীয় কতৃপক্ষৰ নীৰৱতা ৰাইজক হতাশ কৰি তুলিছে।

বিশেষকৈ কছাৰী ভেটিটুপ গাঁও অংশত পথখনৰ অৱস্থা এতিয়া শোচনীয়। পথখনৰ অৱস্থা যেন কোনো পাহাৰীয়া দুৰ্গম পথ। ক’তো ডাঙৰ গাঁত, ক’তো ভাঙা বাট। প্ৰতি দিনে শতাধিক যানবাহনে এই পথেদি চলাচল কৰি থাকে। চালকসকলে জীৱনৰ ঝুঁকি লৈ গাড়ী পাৰ কৰিবলৈ বাধ্য হৈছে উক্ত পথছোৱা। ফলস্বৰূপে দুয়ো-এদিন অন্তৰ সংঘটিত হৈছে সৰু-সুৰা দুৰ্ঘটনা।

এই পথখনৰ কামৰ আৰাম্ভনিৰ পৰা প্ৰায় ২০০ মিটাৰ অঞ্চল এতিয়া সম্পূর্ণ জৰাজীৰ্ণ। ৰাইজৰ মনত এতিয়া কেৱল এটায় প্ৰশ্ন— “কেতিয়া হ’ব এই পথটোৰ সঠিক মেৰামতি? কেতিয়া হ’ব সেই অসম চৰকাৰৰ অভিলাসী আঁচনি অসম মালা পথ সম্পূৰ্ণ আৰু কেতিয়ালৈকে ৰাইজে এই দূৰ্ভোগ ভুগিব লগা হ’ব?”

স্থানীয় সংগঠনসমূহ—শিলবৰী আঞ্চলিক AMSU, MUSA, NEMSU আদি আৰু ৰাইজে ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক তীব্ৰ ভাষাত আহ্বান জনাইছে এই পথখনৰ অতি সোনকালে মেৰামতিৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ।

Related Articles