Breaking

মানকাচৰত বেদখলকাৰীৰ কবলত ৰাস্তাৰ মাটিঃ বেদখলমুক্ত কৰি ৰাস্তা নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ

0 1,047

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ উন্নয়ন খণ্ডৰ ঝাউডাঙা গাওঁ পঞ্চায়তৰ অধীনস্থ আৰাট গাৱঁত চৰকাৰী ৰাস্তাৰ মাটি বেদখল কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে অঞ্চলজুৰি৷উল্লেখ্য যে, আৰাট গাৱঁৰ ৰাইজৰ যাতায়তৰ সুবিদাৰ্থে চৰকাৰৰ MGNREGA আঁচনিৰ অধীনত HM ৰাস্তাৰ পৰা আৰাট গাৱঁৰ ছামাদৰ ঘৰলৈকে এখন ৰাস্তা নিৰ্মাণৰ বাবে প্ৰায় ১০ লাখ টকা আৱণ্টন দিয়া হৈছিল ৷ উক্ত ৰাস্তা খনৰ নিৰ্মাণৰ কাম চৰকাৰী ৰাস্তাৰ মাটিত নহৈ একাংশ লোকৰ পাট্টা মাটিৰ ওপৰেদি নিৰ্মাণ হৈছিল বুলি অভিযোগ উত্থাপন হোৱাত বিষয়টো সম্পৰ্কে গঞা ৰাইজে এখন গাওঁ সভা অনুষ্ঠিত কৰি সভাৰ সিদ্ধান্ত মৰ্মে ৰাস্তাৰ সীমা নিৰ্ধাৰণৰ বাবে মানকাচৰ চক্ৰ বিষয়া কাৰ্যালয়ৰত এখন আবেদন জনায় গঞা ৰাইজে ৷

উক্ত আবেদনৰ ভিত্তিত ৰাস্তাৰ সীমা নিৰ্ধাৰণ কৰিছিল মানকাচৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডলে৷মণ্ডলে ৰাস্তাৰ সীমা নিৰ্ধাৰণ কৰি দিয়াৰ পিছতে ৰাস্তাৰ মাটিত থকা গছ-গছনি কাটি ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ কৰে যদিও দীৰ্ঘদিন ধৰি মাটি খিনি দখল কৰি ৰখা ব্যক্তি সকলে মানকাচৰ থানত এখন এজাহাৰ দাখিল কৰে৷যাৰ বাবে বৰ্তমানে উক্ত ৰাস্তাৰ কাম বন্ধ হৈ থকাৰ ফলত যাতায়াতৰ ক্ষেত্ৰ জমৰ যাতনাত ভূগিব লগীয়া হৈছে উক্ত গাওঁৰ ৰাইজে।ৰাস্থাখনৰ বাবে চলি থকা বিবাদৰ বিষয়ে উচিত তদন্ত কৰি অতি সোনাকলে ৰাস্তেৰ কাম আৰম্ভ কৰিবলৈ দাবি জনায় স্থানীয় ৰাইজে।

Leave A Reply