Rohit Sharma and Ritika Sajdeh: সামাজিক মাধ্যমত পুত্ৰৰ নাম প্ৰকাশ ৰোহিত-ঋতিকাৰ

ৰোহিত শৰ্মা আৰু ঋতিকা সাজদৰ পুত্ৰৰ নাম প্ৰকাশ। ছচিয়েল মিডিয়াত পুত্ৰৰ নাম ঘোষণা কৰিলে ৰোহিতৰ পত্নীয়ে ঋতিকাই। বৰ্তমান সীমান্ত-গাওস্কাৰ ট্ৰফী খেলিবলৈ অষ্ট্ৰেলিয়াত আছে ৰোহিত। ১৫ নৱেম্বৰত দ্বিতীয় সন্তানৰ পিতৃ-মাতৃ হয় ৰোহিত-ঋতিকাৰ।(Rohit Sharma and Ritika Sajdeh)

ক্ৰিকেটপ্ৰেমীসকলে ৰোহিত-ৰীতিকাৰ পুত্ৰৰ নাম জানিবলৈ আগ্ৰহী হৈ পৰিছিল। ডিচেম্বৰৰ প্ৰথম দিনাই ৰোহিতৰ পত্নীয়ে প্ৰকাশ কৰে সন্তানৰ নাম। ভাৰতৰ টেষ্ট আৰু এদিনীয়া অধিনায়কৰ পুত্ৰৰ নাম ‘আহান’।(Ahaan) বৰদিন উপলক্ষে ঋতিকাই এটা ইনষ্টাগ্ৰাম ষ্ট’ৰী পোষ্ট কৰে। তাত চাৰিটা পুতলাৰ ছবি দিয়ে। এটা পুতলাৰ টুপীত নিজৰ নাম, এটাত ৰোহিতৰ নাম, এটাত কন্যা সমীৰাৰ নাম লিখিলে। আন এটা সৰু পুতলাৰ টুপীত ‘আহান’ লিখা আছে। তেওঁ পৰিয়ালটোৰ চাৰিজন সদস্যৰ ছবি দিলে। ‘আহান’ নামৰ অৰ্থ হ’ল সূৰ্য্য উদয়। পুত্ৰ জন্মৰ ১৫ দিনৰ পাছত ঋতিকাই তেওঁৰ নাম প্ৰকাশ কৰে।(Rohit Sharma and Ritika Sajdeh son name revealed)

২০১৫ চনত তেওঁলোকৰ প্ৰথমটি কন্য়া সন্তান জন্ম হৈছিল। ৯ বছৰৰ পাছত দ্বিতীয় বাৰৰ বাবে পিতৃ হ’ল ৰোহিত-ঋতিকা।

Related Articles