“ৰৈ ৰৈ বিনালে”ৰ অভিলেখ।(Roi Roi Binale)
প্ৰথম দিনাই ২.৫২ কোটি উপাৰ্জন।
‘ৰৈ ৰৈ বিনালে’ই মুক্তিৰ দিনা উপাৰ্জন কৰিলে ২.৫২ কোটি টকা।
দৈনিক উপাৰ্জনৰ পৰিসংখ্যা নিদিয়ে প্রযোজকে।
এমাহৰ অন্তত দাঙি ধৰা হ’ব মুঠ উপাৰ্জনৰ পৰিমাণ।
শুকুৰবাৰে দেশজুৰি মুক্তিলাভ কৰা জুবিন গাৰ্গৰ সপোনৰ চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰতি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি।
অসমীয়া চিনেমাৰ ৯০ বছৰীয়া ইতিহাসৰ সৰ্বকালৰ অভিলেখ ভংগ কৰি সফলতাৰ শিখৰত ‘ৰৈ ৰৈ বিনালে’ ছবিখন।
‘ৰৈ ৰৈ বিনালে’ মুক্তিৰ প্ৰথম দিনটোত চিনেমাখনৰ সৰ্বমুঠ উপাৰ্জন ২ কোটি ৫২ লাখ টকা।

