Roi Roi Binale: ‘ৰৈ ৰৈ বিনালে’ৰ মুক্তিৰ দিনা কি ক’লে গৰিমা শইকীয়া গাৰ্গে…

আজি বহু(Roi Roi Binale)অপেক্ষাৰ অন্তত ছবিগৃহলৈ আহিল ৰৈ ৰৈ বিনালে ছবিখন। ছবিখনৰ মুক্তিলাভৰ পিছতে গৰ্মা শইকীয়া গাৰ্গে ক’লে-

‘পুৱা ৪.২৫ বজাতে প্রথম দৰ্শনী আৰম্ভ হৈছে। এয়া এক সাংঘাতিক ঘটনা। ইমান পুৱতি নিশা অসমীয়া চিনেমাৰ দৰ্শনী আৰম্ভ হোৱা নাছিল। তেওঁৰ সপোন পূৰণ হৈছে বুলিয়েই ভাবিছো। অসমৰ ৰাইজে যি দৰে তেওঁক মৰম, আশীৰ্বাদ দি আছিল সদায় দি থাকিব। তেওঁ আমাৰ মাজত সদায় অমৰ হৈ থাকিব।’

‘লগতে তেওঁ ক’লে- ‘তেওঁ যিদিনা অসমলৈ আহিছিল সেইদিনাও লগতে বৃষ্টি লৈ আহিছিল আজিও বৃষ্টি লৈ আহিছে। বহু সমত মই নিজেও অনুভৱ কৰিছো বহু কথা। এতিয়া তেওঁ কানেক্টেড হৈ আছে বুলি আমাক দেখুওৱাব বিচাৰে বৰষুণ হৈ নহ’লে অন্য কিবা হৈ। তেওঁ অনুভৱ কৰাইছে সকলোকে যে তেওঁ আমাৰ মাজতে আছে।’


Related Articles